ডিজিটেল ডেস্ক ANEWS24X7: ব্যক্তিগত সংস্থাসমূহলৈ কেন্দ্ৰীয় কেবিনেটে মুকলি কৰি দিব ৰে’লৱেৰ ভূমি ৷ ‘‘প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ’’ অধীনত পূৰ্বৰ ৫ বছৰৰ পৰিৱৰ্তে ৩৫ বছৰৰ বাবে ৰে’লৱেৰ ভূমি লীজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে ৷ ইয়াৰ ফলত ৰেলৱেৰ ভূমিত ব্যক্তিগত সংস্থা সমূহে ৰেলৱেৰ ভূমি লিজত লৈ কাৰ্গো টাৰ্মিনেল নিৰ্মাণৰ ওপৰিও , ব্যক্তিগত কোম্পানী সমূহে বাণিজ্যিক ব্যৱহাৰৰ বাবে বিদ্যুৎ , গেছ , পানীৰ পাইপ , নৰ্মদা প্ৰণালী নিৰ্মাণ কৰিব পাৰিব ৷ ইয়াৰ ওপৰিও বিদ্যালয় আৰু চিকিৎসালয়ো নিৰ্মাণ কৰিব পাৰিব ৷ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি কয় যে , ‘‘এই আঁচনিৰ জৰিয়তে অহা পাঁচ বছৰত প্ৰায় ৩০০ টা কাৰ্গো টাৰ্মিনেল গঠন হ’ব ৷ আৰু ইয়াৰ জৰিয়তে দেশত প্ৰায় ১.২৫ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব ৷ ৰে’লযোগে সামগ্ৰীৰ পৰিবহনৰ পৰিমাণ বৃদ্ধি পাব। ’’
অৱশ্যে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তক বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে ৷ লোকসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা পুঁজি সংগ্ৰহ কৰিবৰ বাবে ব্যক্তিগত খণ্ডক ৰেলৱেৰ সম্পতি গটোৱা হৈছে বুলি অভিহিত কৰিছে ৷