চিৰাঙৰ ৰুণীখাটাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে চিৰাং আৰু কোকৰাঝাৰ জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।হিংসাত্মক ঘটনাৰ পাছতে জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি।
চিৰাং আৰু কোকৰাঝাৰ জিলাত এই সময়ছোৱাত ৱাটচএপ, ফেচবুক, ইনষ্টাগ্ৰামত প্ৰেৰণ কৰিব নোৱাৰিব মেছেজ-ভিডিঅ’, কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ।চিৰাঙত মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফৰ্চ। সমগ্ৰ চিৰাং জিলাত অতিৰিক্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী নিয়োগ কৰা হৈছে।
ৰাজপথ-বজাৰত তহল আৰক্ষীৰ। ক্ৰমাৎ শান্ত হৈছে ৰুণীখাটাৰ পৰিস্থিতি। শুকুৰবাৰে পুৱা উত্তপ্ত হৈ পৰিছিল ৰুণীখাটা।
