Friday, April 17, 2026
Homeঅসমজুবিনৰ গীত বিকৃত ৰূপত পৰিৱেশনক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গৰিমা শইকীয়া...

জুবিনৰ গীত বিকৃত ৰূপত পৰিৱেশনক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গৰিমা শইকীয়া গাৰ্গে

শেহতীয়াকৈ পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ অনুষ্ঠানত কণ্ঠশিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ ‘বাঁহী’ শীৰ্ষ গীতটি নিজৰ শৈলীৰে গাবলৈ গৈ বিকৃত ৰূপত পৰিৱেশন কৰিছিল। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে।

সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। পামীয়ে সামাজিক মাধ্যমত মৰ্মিতাক উদ্দেশ্যি লিখিছিল – ‘‘সকলো শিল্পী-কলাকুশলী যিসকলে জুবিন দাৰ গীতসমূহ এইবাৰ ব’হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে পাৰফৰ্ম কৰিছে, তেওঁৰ সৃষ্টিৰাজিক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো। যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ।’’ লগতে পামীয়ে মৰ্মিতাক লৈ লিখিছে, ‘‘মৰ্মিতা মিত্ৰলৈ বিশেষ অনুৰোধ জনাইছো যাতে জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব। Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions. My best wishes are with her.’’

পামী বৰঠাকুৰৰ এই পোষ্টতে ৰিপ্লাই কৰিছে মৰ্মিতা মিত্ৰই। কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ‘‘মই নিজকে ধন্য অনুভৱ কৰিছোঁ যে আপুনি মোক আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে। এগৰাকী অগ্ৰজ হিচাপে আপুনি মোক যিবোৰ দিশ আঙুলিয়াই দিছে, সেইবোৰ মই নিশ্চয়ভাৱে মনত ৰাখিম আৰু অনাগত দিনত মানি চলিবলৈ চেষ্টা কৰিম। মোৰ অজানিতে হোৱা ভুলবোৰ আগলৈও আঙুলিয়াই দিব বুলি মই আশাবাদী। আগতে মোৰ ভুলবোৰ শুধৰাবলৈ দাদা আছিল, কিন্তু এতিয়া তেওঁ কায়িকভাৱে আমাৰ মাজত নাই। সেইবাবে আপোনালোক আৰু অসমৰ মৰমিয়াল জনতাই মোৰ ভুলবোৰ শুধৰাই দিব বুলি আশা ৰাখিছোঁ। কোৱা হয়- মানুহ মাত্রেই ভুল কৰে, আৰু মোৰো অজানিতে ভুল হ’ব পাৰে। কিন্তু অসমবাসীয়ে মনত আঘাত পোৱা কোনো কাম মই কেতিয়াও নকৰোঁ। নিজৰ ভণ্টি হিচাপে মোক আশীৰ্বাদ কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ।’’

গৰিমা শইকীয়া গাৰ্গেও জুবিনৰ গীত বিকৃতকৰণ কৰা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পামীৰ কথাখিনি সমৰ্থন কৰি গৰিমাই লিখিছে, ‘‘ভণ্টিয়ে কোৱা কথাখিনি আমাৰ সকলোৰে মনৰ কথা… জুবিনৰ সৃষ্টিৰাজি, কৰ্মৰাজিৰ চৰ্চা, প্ৰচাৰ, প্ৰসাৰ যিমান হ’ব, সিমানেই তেওঁ প্ৰাণৰ পৰা প্ৰাণলৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰ প্ৰবাহমান হৈ থাকিব। আমাৰো ইচ্ছা, প্ৰাৰ্থনা আৰু কামনা সেইয়া.. কিন্তু সকলো সঠিক ভাবে নহ’লে, আটাইতকৈ ডাঙৰ অন্যায় হ’ব কেৱল এজন শিল্পীৰ প্ৰতিয়েই নহয়, এটা জাতিৰ সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ একান্ত আন্তৰিকতা আৰু তেওঁৰ সাধনাৰ .. লগতে আমাৰ সকলোৰে দায়বদ্ধতাৰো। জুবিনৰ প্ৰতি অপৰিসীম মৰম, ভালপোৱা আৰু শ্ৰদ্ধাৰে তেওঁৰ গীত, সংগীতৰ পৰিবেশন কৰোঁতে অনুগ্ৰহ কৰি নিজৰ দায়িত্বখিনিৰ প্ৰতিও সকলো সজাগ হ’ব বুলি আশা ৰাখিলোঁ। আজি যিহেতু আদালতৰ দিন ধাৰ্য কৰা আছিল, বহুতৰে মেছেজ পাই আছোঁ বাবে আদালতৰ ভিতৰৰ পৰাই এই কথাখিনি সামাজিক মাধ্যমৰ যোগেদি এনেদৰেই প্ৰকাশ কৰিছোঁ । কিবা ভুল হ’লে ক্ষমা কৰিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments