Monday, April 20, 2026
Homeঅসমগৰিয়া ছটলাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এক।

গৰিয়া ছটলাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এক।

সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমান: গৰিয়া ছটলাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এক।

১৯ টা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, ৫৩ টা নিচাজাতীয় দ্ৰব্যৰ বটল, ১৬ টা নিচাজাতীয় কেপচুল জব্দ

আটক ফাজেল আলী।

বৰপেটা জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত আৰু নিৰ্দেশনাত শনিবাৰে বিয়লি গৰিয়া ছটলাত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

মাজদিয়া আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

অভিযানকালত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে।

ধৃত ড্ৰাগছ ব্যৱসায়ীটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰিয়া ছটলাৰ ফাজেল আলী।

ঘটনাস্থলীত বৰপেটা জিলাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক ভাৰ্গিছ কুমাৰ ডেকা উপস্থিত হৈ ঘটনাৰ তদাৰক কৰে।

ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকাসহ এটি আৰক্ষীৰ দল উপস্থিত হৈ ধৃত ফাজেল আলীৰ ১৯ টা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে।

ধৃত ফাজেল আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ফাজেল আলীৰ বাসগৃহৰ পৰা ৫৩ টা নিচাজাতীয় দ্ৰব্যৰ বটলসহ ১৬ টা নিচাজাতীয় কেপচুল জব্দ কৰে আৰক্ষীয়ে।

ধৃত ফাজেল আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments