Tuesday, April 21, 2026
Homeঅসমঘণ্টাত ৫০ কিলোমিটাৰ বেগত আহিব ধুমুহা-বৰষুণ

ঘণ্টাত ৫০ কিলোমিটাৰ বেগত আহিব ধুমুহা-বৰষুণ

দেওবাৰে গুৱাহাটীত বৰষুণে গঢ়িলে অভিলেখ। গুৱাহাটীত বিগত ২৪ ঘণ্টাত ১১৭.৪ মিলিমিটাৰ বৰষুণ হৈছিল। ১৯৫১ চনৰ পিছত এপ্ৰিলৰ এটা দিনত এয়া সৰ্বাধিক বৰষুণ হৈছিল গুৱাহাটী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে তথ্য। ইয়াৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আন এক আগজাননী।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, ওদালগুৰি, দৰং, কামৰূপ, কামৰূপ(গ্ৰাম্য), নলবাৰী, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, মাজুলী ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু কাছাৰ জিলাত মঙলবাৰে Yellow Alert জাৰি কৰিছে বৰত বিজ্ঞান কেন্দ্ৰই।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, কামৰূপ, কামৰূপ(গ্ৰাম্য), নলবাৰী, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত মঙলবাৰে বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।

ওদালগুৰি, দৰং, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, মাজুলী ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, মাজুলী ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, ওদালগুৰি, দৰং, কামৰূপ, কামৰূপ(গ্ৰাম্য), নলবাৰী, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু কাছাৰ জিলাত মঙলবাৰে বিজুলী ঢেৰেকনিসহ ব্ৰজপাতৰ সম্ভাৱনা আছে।IMD গুৱাহাটীয়ে অহা ১ৰ পৰা ২ ঘণ্টাৰ ভিতৰত কামৰূপ, কামৰূপ মহানগৰ আৰু নলবাৰীৰ ব্ৰজপাতৰ লগতে বৰষুণ অহাৰ সম্ভাৱনা জাৰি কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments