Tuesday, April 21, 2026
Homeঅসমঅভি-নীলৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

অভি-নীলৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

অভি-নীলৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ২০জন অভিযুক্তক দোষী সাব্যস্ত কৰিলে আদালতে। ২৫জনক নিৰ্দোষী ঘোষণা। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি প্ৰদান কৰে চূড়ান্ত ৰায়। ৮ বছৰ ধৰি চলিছিল অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি। ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড। ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল দেশ জোকাৰি যোৱা এই নিৰ্মম হত্যাকাণ্ড। আদালতে আজি চূড়ান্ত ৰায় প্ৰদান কৰে যদিও আজি শাস্তি ঘোষণা কৰা নাই। ২৪ এপ্ৰিলত দোষীসকলৰ শাস্তি ঘোষণা কৰিব আদালতে।

সুদীৰ্ঘ ৮ বছৰ ধৰি এই হত্যাকাণ্ডৰ গোচৰ চলি আছিল আদালতত। আৰক্ষীয়ে ঘটনাৰ ৪৮ ঘণ্টাৰ পিছতে ৪৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। তাৰ ভিতৰত ৩জন নাবালক হোৱা বাবে ৰেহাই দিয়া হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ এমাহৰ ভিতৰত ৮০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।

৮ বছৰ ধৰি গোচৰটোৰ শুনানি চলাৰ পিছত আজি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে। অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে এই দিনটোৰ বাবেই ৰৈ আছিল। অসমৰ ইতিহাসৰ এই জঘন্য ঘটনাটোৰ সৈতে জড়িত ২০ অভিযুক্তক আজি দোষী সাব্যস্ত কৰে। আন ২৫জনক দোষমুক্ত ঘোষণা কৰে নগাঁও জিলা আৰু ছেছন আদালতে। এতিয়া অপেক্ষা ২৪ এপ্ৰিললৈ, ২০ অভিযুক্তৰ কি শাস্তি হয় তাৰ অপেক্ষাত অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments