Thursday, April 23, 2026
Homeঅসমঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ জল্পনা-কল্পনা অন্ত পেলালে মুখ্যমন্ত্ৰীয়ে। ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমিক যোগে ফলাফল প্ৰকাশৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২১ এপ্ৰিলৰ পিছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰিছিল।সৰ্বমুঠ ৩,৩০,৭৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ HS চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছে ২,৪৭,৮৬৫গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত অৱতীৰ্ণ হৈছে ১ লাখ ২ হাজাৰ ৬৪৮জন ছাত্ৰ। কলা শাখাত ছোৱালী অৱতীৰ্ণ হৈছে ১ লাখ ৪৫ হাজাৰ ২১৬গৰাকী ছাত্ৰী লগতে তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছে এগৰাকী।

এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৩৪ হাজাৰ ৮০১জন ছাত্ৰ অৱতীৰ্ণ হৈছে, ২৬ হাজাৰ ৭৬৬গৰাকী ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছে এগৰাকী।

এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত মুঠ ১৯,৮০৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। বাণিজ্য শাখাত ১৩ হাজাৰ ৭৮২গৰাকী ছাত্ৰ অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৬ হাজাৰ ২৪গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছে। বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে সৰ্বমুঠ ১,৫০৫গৰাকী পৰীক্ষাৰ্থী। বৃত্তিমূলকত শাখাত ৬১৮ ছাত্ৰ অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৮৮৭ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments