মাজনিশা গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত শেষ হৈ গ’ল ৩গৰাকীকৈ যুৱতীৰ জীৱন। মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সমীপত ৰৈ থকা ট্ৰাকত তীব্ৰ বেগী ছুইফট বাহনৰ প্ৰচণ্ড খুন্দা। GMCHৰ মৰ্গত যুৱতী কেইগৰাকীৰ মৃতদেহ ৰখা হৈছে।নিহত ৩ যুৱতী ক্ৰমে গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা, চৰাইদেউৰ সাপেখাতিৰ আকাংক্ষা শইকীয়া আৰু আৰ্মিনা আহমেদ। অসম ডাউন বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ বি.টেকৰ ছাত্ৰী আৰ্মিনা আহমেদ। আকাংক্ষা শইকীয়া আৰু পূজা সাহা ৰয়েল গ্ল’বেল বিশ্ববিদ‍্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। লখৰাৰ পৰা মঠঘৰীয়ালৈ গৈ আছিল ৩গৰাকী যুৱতী।
আকাংক্ষা শইকীয়া সোণাৰি কলেজত পঢ়িছিল। বিগত বছৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল আকাংক্ষাই। প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী আছিল আকাংক্ষা। কলেজৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদিকা আছিল। বৰ্তমানলৈকে পলাতক হৈ আছে গাড়ীখনৰ চালকজন। ট্ৰেভেল এজেঞ্চিৰ পৰা গাড়ীখন ভাড়াত লৈছিল চালকজনে।
ইফালে আকাংশাৰ পিতৃয়ে কয় যে ‘‘ৰাতিপুৱা আমালৈ ফোন এটা আহিছিল। আমাক গুৱাহাটীলৈ মাতিছিল। নিশা ১১ বজাত আকাংক্ষাৰ সৈতে আমাৰ যোগাযোগ হৈছিল। ভাত খালে নে নাই খবৰ লৈছিলো। আকাংক্ষাই ৰূমত কাৰেণ্ট নাই বুলি কৈছিল। ম’বাইল ছাৰ্জ শেষ হৈ আহিছে, Good Night বুলি কৈ আকাংক্ষাই শুইছিল, আমাকো শুব দিছিল।’’
ইফালে আকাংক্ষা কিয় ঘৰৰ পৰা ওলাই গৈছিল জ্ঞাত নহয় পৰিয়ালৰ লোক। পিতৃক শুবলৈ কৈ কিয় ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী সেয়া এতিয়া ৰহস্য মাজত সোমাই পৰিছে। মঠঘৰীয়াৰ সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য CCTVত বন্দী হৈছে। তীব্র বেগত অহা Swift বাহনখনে গীতানগৰ দিশৰ পৰা আহি ৰৈ থকা ট্ৰাকত তীব্ৰবেগেৰে মাৰিছিল খুন্দা।
ছামিম আহমেদৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পূজাৰ বান্ধবী তথা ৰূমমেটে। পূজাৰ বান্ধবীৰ ভাষ্য অনুসৰি ‘‘জয়ানগৰ ভাড়াঘৰত আছিল পূজা সাহা। শনিবাৰে নিশা PGৰ পৰা পূজাৰ চালকৰ আসনত থকা ছামিমৰ সৈতে ওলাই গৈছিল। আকাংক্ষায়ো পূজাৰ ঘৰৰ পৰাই ওলাই গৈছিল। বান্ধৱীক কমেডি শ্ব’ চাবলৈ যাম বুলি কৈছিল দুয়োয়ে। ৫ৰ ৬ মাহৰ ভিতৰত ঘনিষ্ঠ হৈছিল পূজাৰ সৈতে। পূজা সাহাই ভাতৃ পাতি হৈছিল ছামিমক। ইফালে পূজাৰ ৰূমমেটে অভিযোগ উত্থাপন কৰে যে ছামিমে বহু অনৈতিক কাম কৰিছিল। পূজাই ৩ মাহৰ মূৰে মূৰে কৰ্মসংস্থাপন সলনি কৰিছিল। শেহতীয়াকৈ ৰয়েল গ্ল’বেলত চাকৰি এৰাৰ কথা আছিল।’’
৩গৰাকী যুৱতীৰ প্ৰাণ কাঢ়ি নিয়া মহানগৰীৰ মঠঘৰীয়াত সংঘটিত দুৰ্ঘটনাৰ পাছতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে অভিশপ্ত ছুইফট বাহনখনৰ চালক ছামিম আহমেদ। শনিবাৰে সন্ধিয়া ৭ বজাত পিজিৰ কাষৰ পৰাই ছুইফট বাহনখনত উঠাই আনিছিল আকাংক্ষা শইকীয়া আৰু পূজা সাহাক। মাছখোৱাত কমেডী শ্ব’ চাবলৈ যোৱাৰ কথা জনাইছিল ৰূমমেটক।
দুই যুৱতীৰ সৈতে গৈছিল ছুইফট বাহনখনৰ চালক ছামিমৰ বান্ধৱী নেহা খান ওৰফে আৰ্মিনা। কিন্তু দেওবাৰে পুৱা মঠঘৰীয়াত দুৰ্ঘটনাত বাহনখনত থকা ৩গৰাকী যুৱতীৰ মৃত্যুৰ চাঞ্চল্যৰ মাজতে হাস্পতালৰ পৰা ছামিম আহমেদক পলায়নৰ পাছতে উদয় হৈছে বহু প্ৰশ্নৰ।আগৰতলাৰ বাসিন্দা ছামিম থাকে জয়ানগৰত। দুৰ্ঘটনাৰ পাছত পূজা-আকাংশৰ ৰূমমেটক ফোন কৰিছিল ছামিমে। উল্লেখ্য যে পূজা সাহাই ভায়েক পাতি লৈছিল ছামিম আহমেদক। সেইসূত্ৰে আকাংক্ষাৰ সৈতে চিনাকি হৈছিল ছামিমৰ।
ইফালে অভিযোগ অনুসৰি কেতিয়াবা বিল্ডাৰ, কেতিয়াবা অন্য ব্যৱসায় কৰো বুলি জনাইছিল ছামিম। পূজাৰ ৰূমমেটৰ অভিযোগ অনুসৰি ছামিমে বহু অনৈতিক কাম কৰিছিল। এই ভাষ্যৰ পিছতে অধিক ৰহস্যঘন হৈ পৰিছে ছামিমৰ পৰিচয়।দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক ছামিম আহমেদক লৈ যোৱা হৈছিল নিকটৱৰ্তী গেট হাস্পতাললৈ। কিন্তু হাস্পতালত চিকিৎসা নকৰি তাৰ পৰা পলায়ন কৰে চালক ছামিম আহমেদে। গেট হাস্পতালৰ CCTVত বন্দী হৈছে ছামিম আহেমেদে হাস্পতালৰ পৰা পলায়নৰ সমগ্ৰ দৃশ্য।
চিনাকি হোৱাৰ ৪-৫ মাহৰ ভিতৰতে ছামিমৰ সৈতে অধিক ঘনিষ্ঠ হৈ পৰিছিল পূজা আৰু আকাংক্ষা। নেহা খান ওৰফে আৰ্মিনাৰ সৈতেহে বন্ধু হিচাপে অধিক ঘনিষ্ঠ ছামিম আহমেদ। পূজাৰ সৈতে নতুনকৈহে চিনাকি হৈছিল ছামিমৰ।ছামিম আহমেদৰ কিছুমান কাম-কাজক লৈয়ো সন্দিহান পূজা আৰু আকাংক্ষাৰ ৰূমমেটকেইগৰাকী। ইফালে শনিবাৰে সন্ধিয়াই তিনি যুৱতীক লৈ ওলাই অহা ছামিমে দেওবাৰে পুৱা নুনমাটিৰ দিশে গৈ থকাক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ।আৰক্ষীৰ এখন বাহনে দুৰ্ঘটনাগ্ৰস্ত বাহনক পিছ লোৱা কাৰ্যও ঘটনাটোত আনি দিছে আন এক টুইষ্ট। আৰক্ষীয়ে পিছ লোৱা বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হ’ল নেকি ছামিমৰ বাহনখন? এই ৰহস্যৰ ওৰ পেলাবলৈ এতিয়া অপেক্ষা কৰিব লাগিব আৰক্ষীৰ তদন্তলৈ।
