গুৱাহাটীত শনিবাৰে নিশা ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছিল তিনি যুৱতীৰ। মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সমীপত এখন ৰৈ থকা ট্ৰাকত তীব্ৰবেগী ছুইফট বাহনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত মৃত্যু হয় তিনি যুৱতীৰ। নিহত ৩ যুৱতী ক্ৰমে গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা, চৰাইদেউৰ সাপেখাতীৰ আকাংক্ষা শইকীয়া আৰু আৰ্মিনা আহমেদ।
অসম ডাউন বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ বি. টেকৰ ছাত্ৰী আৰ্মিনা আহমেদ। আকাংক্ষা শইকীয়া আৰু পূজা সাহা ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। লখৰাৰ পৰা মঠঘৰীয়ালৈ গৈ আছিল ৩গৰাকী যুৱতী। সেই সময়তে ৰৈ থকা এখন ট্ৰাকত তেওঁলোক গৈ থকা বাহনখনে খুন্দা মৰাৰ ফলত তিনি যুৱতীয়ে কৰুণ মৃত্যক সাবটি লয়।
১৫ মে’ত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰ্মিনা আহমেদৰ। কিন্তু বিবাহৰ পূৰ্বে মৰ্মান্তিক দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে আৰ্মিনাৰ। বঙাইগাঁৱৰ নোৱাপাৰাত সম্পন্ন হয় আৰ্মিনাৰ শেষকৃত্য।
ইফালে, আকাংক্ষা শইকীয়া সোণাৰি কলেজত পঢ়িছিল। বিগত বছৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল আকাংক্ষাই। প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী আছিল আকাংক্ষা। কলেজৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদিকাও আছিল।
উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক ছামিম আহমেদক লৈ যোৱা হৈছিল নিকটৱৰ্তী গেট হাস্পতাললৈ। কিন্তু হাস্পতালত চিকিৎসা নকৰি তাৰ পৰা পলায়ন কৰে চালক ছামিম আহমেদে। গেট হাস্পতালৰ CCTVত বন্দী হৈছে ছামিম আহেমেদে হাস্পতালৰ পৰা পলায়নৰ সমগ্ৰ দৃশ্য। এতিয়াও সন্ধান ওলোৱা নাই চালক ছামিম আহমেদৰ।
