সামাজিক মাধ্যমত প্ৰচণ্ড খং ‘বেহাৰবাৰী আউটপোষ্ট’ৰ ‘মণি বৌ’খ্যাত অভিনেত্ৰী পাপৰি বৰাৰ। ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। প্ৰাপ্য ধন বিচাৰি সামাজিক পাপৰি বৰাই দিলে সকীয়নি।
ৰাজধানী থিয়েটাৰৰ প্ৰযোজক বাচু ৰয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত লিখিছে, ‘‘ৰাজধানী থিয়েটাৰ @Bachchu Roy পইচা দিবনে আজি? বহুত চুচৰাই আছে কিন্তু? এইবোৰ ভণ্ডামি নচলিব আৰু? এইটো just warning হে আৰু কি হৈছে, হৈছিল অসমৰ ৰাইজক জনাই আছোঁ।’’
আন এটা পোষ্টত পাপৰি বৰাই লিখিছে, ‘‘যিসকল আহ্বায়ক কমিটি তথা কলা কৌশলী নতুনকৈ চুক্তি হৈছে, এবাৰ ভাবিব। বৰ বেলেগ ধৰনৰ মানুহ Bachchu Roy, মই কৈ থলোঁ…।’’
পাপৰি বৰাৰ এই পোষ্টৰ পিছতে ৰাজধানী থিয়েটাৰৰ এটা দীঘলীয়া পোষ্ট । পাপৰি বৰালৈ সম্বোধন কৰি লিখা এই পোষ্টটোত ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই লিখিছে, ‘‘আপোনাক ২০২৫-২৬ নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ কৰিছিল ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই… ছচিয়েল মিডিয়াই নহয়… আপুনি পাবলগীয়া মাননী আপোনাক ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই দিব ছচিয়েল মিডিয়াই নহয় বা ছচিয়েল মিডিয়া টকা পোৱাৰ আহিলা নহয়… আপুনি ছচিয়েল মিডিয়াত কাৰোবাৰ ষড়যন্ত্ৰ অথবা নিজ মানসিকতাৰে ৰাজধানীক হেয় প্ৰতিপন্ন কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক লৈ আমি দু:খিত। আগতেও আপুনি এদিন ছচিয়েল মিডিয়াত পোষ্ট কৰিছিলে… আৰু প্ৰতিজন শিল্পী, কলা-কুশলীক সুন্দৰকৈ বিদায় দিয়াৰ দৰে আপোনাকো ইতিমধ্যে আখৰাৰ পৰা মাননি দি আহি আহি শেষ পৰ্যায়তো দুই এখন চেক পাছ কৰাই দিয়া হৈছে… আজি প্ৰায় ১০ দিন মান আগতো এখন চেক পাছ কৰাই দিয়া হৈছে… আৰু আজিও আপোনাক চেক এখন লগাব দিয়া হৈছে… চেক বাউঞ্চ নোহোৱাকৈ আপুনি আমাক ৰাজহুৱাকৈ বদনাম কিয় কৰিলে???? যদি চেক বাউঞ্চ হৈছে ৰাজহুৱাকৈ তথ্য দিয়ক আজি আপোনাক ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই নিজে ফোন কৰি দিনৰ ১২ বজাৰ পিছত চেকখন লগাব দিছে… আপুনি লগাইছে কিন্তু আপোনাৰ চেকখন পাছ কৰাৰ দায়িত্ব আমাৰ, ৰাজধানী থিয়েটাৰ কৰ্তপক্ষৰ… আপুনি চেকখন পাছ নকৰোতেই, বাউঞ্চ নহওতেই কিয় পোষ্ট কৰি সাধাৰণ দৰ্শক আৰু আহ্বায়ক কমিতিৰ আগত আমাক বদনামী কৰিলে??? এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব… পৰৱৰ্তী সময়ত এনেকুৱাকৈ আনক অপমান, বদনাম কৰি অধিক জনপ্ৰিয় হোৱাৰ প্ৰচেষ্টাৰ পৰা বিৰত থাকিব। বিনাহকত এটি অনুষ্ঠানক বদনাম কৰিব নাপায়… আজি পৰ্যন্ত কিয় আপোনাৰ মাননি সম্পূৰ্ণ আদায় পোৱা নাই নিজেই নিজক প্ৰশ্ন কৰিব…। আপোনাৰ ভৱিষ্যত অভিনয় যাত্ৰা মধুময় হওক… শুভকামনা সদায় আছে… এটা কথা মনত ৰাখিব প্ৰাপ্য পইছা পাবই… কিন্তু সকলো কথা ৰাজধানী থিয়েটাৰৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰা দৰকাৰ।’’
