গেৰুৱা বসন পৰিধান কৰি পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যপাল আৰ এন ৰবিয়ে শুভেন্দুক শপত বাক্য পাঠ কৰায়। শুভেন্দুৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীন আৰু কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও উপস্থিত থাকে।
শুভেন্দু অধিকাৰীৰ উপৰিও আজিৰ দিনটোত বিজেপিৰ বিধায়ক দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশিথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডুৱে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। আজি পুৱা কলকাতা বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰথমে আদৰণি জনায় শুভেন্দু অধিকাৰীয়ে। বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীৰ সৈতে ৰেচকোৰ্চত উপস্থিত হয় শুভেন্দু অধিকাৰী। তাৰ পৰা গাড়ীৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ড পালেগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যিক সভাপতি ছামিক ভট্টাচাৰ্যৰ সৈতে শুভেন্দু অধিকাৰীয়ে জনসমাগমৰ মাজেৰে এখন গাড়ীৰে মঞ্চত উপস্থিত হয়।
এইবাৰৰ বিধানসভা নিৰ্বাচনত ভৱনীপুৰৰ লগতে নন্দিগ্ৰামৰ পৰাও জয়ী হৈছিল শুভেন্দু অধিকাৰীয়ে। কালি বিজেপিৰ বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেন্দু অধিকাৰীৰ নাম ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।
