- অহা ১২ মে’ত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ডঃ হিমন্ত বিশ্ব শৰ্মাই
পুৱা ১১ বজাত ল’ব মুখ্যমন্ত্ৰী পদৰ শপত
খানাপাৰাত যুদ্ধকালীন গতিত চলিছে শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি
লক্ষাধিক লোকৰ উপস্থিতিত শপত ল’ব হিমন্ত বিশ্ব শৰ্মাই
উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি কেবাজনো কেন্দ্ৰীয় মন্ত্ৰী থাকিব অনুষ্ঠানত
বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ নিতীন নবীন থাকিব উপস্থিত
২১ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব অনুষ্ঠানলৈ
প্ৰতিখন সত্ৰৰ সত্ৰাধিকাৰকো আমন্ত্ৰণ জনোৱা হৈছে
গৌতম আদানী, মুকেশ আম্বানীসহ কেবাজনো শীৰ্ষৰ উদ্যোগপতিও উপস্থিত থাকিব
আজি NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শর্মা। প্ৰথমে BJPৰ বিধায়িনী দলৰ নেতাৰূপে ডঃ হিমন্ত বিশ্ব শর্মা নিৰ্বাচিত হয়। BJPৰ বিধায়িনী দলৰ নেতাৰূপে হিমন্ত বিশ্ব শর্মাৰ নাম প্ৰস্তাৱ কৰে ৰণজিৎ দাস, অশোক সিংহল, অজন্তা নেওগ, ড° ৰাজদ্বীপ ৰয়, বিশ্বজিৎ দৈমাৰী, চক্ৰ গগৈয়ে, পিযুষ হাজৰিকা আৰু বিজয় গুপ্তাই। BPFৰ ৰিহন দৈমাৰীয়ে প্ৰস্তাৱৰ সর্থমন কৰে, অসম গণ পৰিষদেও মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শর্মাৰ নাম প্ৰস্তাৱ কৰে।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডঃ হিমন্ত বিশ্ব শর্মাই। ডঃ হিমন্ত বিশ্ব শর্মাই কয় যে ‘‘বিজেপি আৰু NDAৰ কাৰণে গৌৰবৰ দিন। একেৰাহে ৩বাৰকৈ চৰকাৰ গঠনৰ সৌভাগ্য হৈছে আমাৰ। এই সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক বহুত বহুত ধন্যবাদ। আমি নভবা ধৰণে অসমৰ বিকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে। এই বিকাশ অসমৰ জনতাৰ আশীৰ্বাদ দিলে। আমি অনাগত ৫ বছৰত দিনে নিশাই কম কৰিম। এই সুযোগ দিয়াৰ BJPৰ ৰাষ্ট্ৰীয় নীতিন নবীনক ধন্যবাদ।’’
‘‘বিজেপি দলৰ বিজয়ৰ লগত প্ৰতি মুহূৰ্তত থিয় দিয়া অগপক ধন্যবাদ জনাইছোঁ। BPFৰ সহযোগিতাৰ বাবে এইবাৰ আমি BTAD ত চাৰিখন আসন লাভ কৰিছোঁ। ১২ মে’ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মন্ত্ৰীসভাই শপতগ্ৰহণ কৰিব। বিকাশিত ৰাজ্য হিচাপে অসমক আগুৱাই লৈ যাম। দিলীপ শইকীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমি ১০২গৰাকী বিধায়কৰ স্বাক্ষৰ লৈ ৰাজ্যপালৰ ওচৰত যাম।’’
