গহপুৰ মহকুমাৰ হেলেমৰ দক্ষিণ মিছামাৰীৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ অকল বিয়োগত সমগ্ৰ অঞ্চলটোতে এক শোকৰ ছাঁ পৰিছে। গহপুৰ থানাত কৰ্মৰত আছিল কনিষ্ঠবল গৰাকী। মৃত কনিষ্ঠবল গৰাকী হেলেমৰ দক্ষিণ মিছামাৰী (লেপেটা পাৰা) ৰ ধৰ্মেশ্বৰ পায়েং আৰু লেদেং পায়েঙৰ জ্যেষ্ঠ পুত্ৰ।

কোনো ধৰণৰ বেমাৰ আজাৰ নোহোৱা কনিষ্ঠবল দেৱৰাজ নিজৰ হোৱা পাটীত মৃত অৱস্থাত উদ্ধাৰ কৰে নিজ পত্নী তথা পৰিয়ালৰ লোকে। কি কাৰণত অতি কম বয়সতে ইহলীলা সম্বৰণ কৰিলে এই বিষয়ে মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতেহে নিশ্চিত হব পাৰিব। ইহসংসাৰত দেৱৰাজ পায়েঙে পিতৃ মাতৃ, পত্নী, পুত্ৰ কন্যা সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
