Monday, June 1, 2026
Homeঅসমজুৰীয়া আৰক্ষীৰ বৃহৎ সফলতা, হাতে-লোটে ধৰা পৰিল ড্ৰাগছ ব্যৱসায়ী

জুৰীয়া আৰক্ষীৰ বৃহৎ সফলতা, হাতে-লোটে ধৰা পৰিল ড্ৰাগছ ব্যৱসায়ী

জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট: জুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক। এক গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ বগুৰিগূৰিত জুৰীয়া আৰক্ষীয়ে চলোৱা অভিযানত হাতে-লোটে ধৰা পৰে অভিযুক্তজন।
আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম আমিৰুল ইছলাম।

চালচলি নিবাসী ৰফিকুল ইছলামৰ ২০ বছৰীয়া পুত্ৰ আমিৰুলৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। জুৰীয়াৰ বগুৰিগূৰি অঞ্চলত চলাইছিল এই বিশেষ অভিযান।
বৰ্তমান সাক্ষীৰ উপস্থিতিত জব্দকৃত সামগ্ৰীসমূহৰ সৈতে অভিযুক্ত আমিৰুল ইছলামক আৰক্ষীয়ে জিম্মাত লৈ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোত চলি থকা ড্ৰাগছৰ ক’লা ব্যৱসায় উৎখাত কৰাৰ দিশত জুৰীয়া আৰক্ষীৰ এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments