ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ৰাজ অভিষেক। শপতগ্ৰহণত নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰীয় কেবিনেট।
দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱালে শপতবাক্য। শপত ল’লে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো, অজন্তা নেওগে। শপতগ্ৰহণ সমাৰোহত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। উপস্থিত থাকে NDA শাসিত ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ বিপৰীতে মন্ত্ৰিত্বৰ শপত লয় গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ, বোকাখাতৰ বিধায়ক অতুল বৰা, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে।
সুদৃশ্য মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহুকেইগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত লয় হিমন্ত বিশ্ব শৰ্মাই।
