Monday, June 1, 2026
Homeঅসমবিজুলী-ঢেৰেকনিৰে হ’ব প্ৰবল বৃষ্টিপাত, ঘণ্টাত ৪০ কি:মি: বেগেৰে আহিব ধুমুহা

বিজুলী-ঢেৰেকনিৰে হ’ব প্ৰবল বৃষ্টিপাত, ঘণ্টাত ৪০ কি:মি: বেগেৰে আহিব ধুমুহা

ৰাজ্যত বৰষুণৰ আগজাননী। আগন্তুক ২-৩ দিনলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা। আঞ্চলিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে আগজাননী। গুৱাহাটীবাসীক প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে। ঠায়ে ঠায়ে ধুমুহা, বজ্ৰপাতৰো আগজাননী জাৰি। মহানগৰীৰ লগতে ভিন্ন প্ৰান্তত ভূমিস্খলনৰো আশংকা। সংশ্লিষ্ট বিভাগক সষ্টম হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ।

ৰাজ্যৰ ১৯খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। ৩খন জিলাত জাৰি কৰা হৈছে অ’ৰেঞ্জ এলাৰ্ট। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে অ’ৰেঞ্জ এলাৰ্ট।

ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাসমূহত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ভিতৰত দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ ৩০ৰ পৰা ৪০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ভিতৰত দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ ৩০ৰ পৰা ৪০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।

Orange Alert জাৰি কৰা ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ ৩০ৰ পৰা ৪০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments