Monday, June 1, 2026
Homeঅসমআৰক্ষীৰ জালত পৰিল দুটা ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীৰ জালত পৰিল দুটা ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে পুনৰ এক্সন মূডত জুৰীয়া থানাৰ অ,চি প্ৰজ্ঞান গগৈ।
আজি জুৰীয়া আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল দুটা ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হ’ল ৰূপহীহাটৰ কাঞ্চনপুৰৰ মাফিজুৰ ৰহমান আৰু মফিজুল ইছলাম।
জুৰীয়া আৰক্ষী থানাৰ সন্মুখত টহল দি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মাফিজুৰ ৰহমান আৰু মফিজুল ইছলাম।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS-02A M-1127 নম্বৰৰ NS-160 বাইক সহ এটা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।
অধিক তথ্য সংগ্ৰহৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষী। উল্লেখ্য যে ড্ৰাগছৰ বিৰুদ্ধে এক্সন মূডত নমা জুৰীয়া থানাৰ অ,চি প্ৰজ্ঞান গগৈক প্ৰশংসা কৰিছে সচেতন ৰাইজে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments