Monday, June 1, 2026
Homeঅসমজুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰাত বিচাৰ চলিব

জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰাত বিচাৰ চলিব

বহু চৰ্চিত জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰাত বিচাৰ চলিব সেয়া এই গোচৰ বিচাৰ চলি থকা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে সেয়া নিৰ্ধাৰণ কৰিলে।কেইবা শতাধিক লোকৰ সাক্ষ্য প্ৰমাণৰ অন্তত ১৩ ডিচেম্বৰ, ২০২৫ত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল। সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠিত ন্যায়িক তদন্ত আয়োগেও ঘটনা সন্দৰ্ভত বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

গোচৰৰ শুনানি পৰৱৰ্তী সময়ত ফাষ্ট ট্ৰেক আদালতলৈ প্ৰেৰণ কৰা হৈছিল। নিয়মীয়াকৈ গোচৰৰ শুনানিৰ অন্তত শৰ্মিলা ভূঞাৰ আদালতে ২৬ মে’, ২০২৬ত অভিযুক্ত ৭জনৰ বিৰুদ্ধে BNSৰ কি কি ধাৰাত বিচাৰ হ’ব সেয়া নিৰ্ধাৰণ কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰে বৰ্তমান কাৰাগাৰত আছে ৭জন অভিযুক্ত। তেওঁলোক ক্ৰমে- জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিনক ছিংগাপুৰলৈ নিয়াত বিশেষ ভূমিকা লোৱা শ্যামকানু মহন্ত, জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা তেওঁৰ সহ-বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহ-কন্ঠশিল্পী অমৃতপ্ৰভা মহন্ত, ছিংগাপুৰলৈ জুবিনৰ সংগী হৈ যোৱা সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ, তেওঁৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।

ইয়াৰে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ ৩(৬), ৩(৭), ৩(৮), ৬১(২), ১০৩(১) আৰু ৩১৬(৫) ধাৰাত বিচাৰ চলিব। সিদ্ধাৰ্থ শৰ্মাৰ হৈ শুনানি কালত দুজন অধিবক্তাই ওকালতি কৰিছে। তেওঁলোক ক্ৰমে- অনিল মিশ্ৰ আৰু অংকিত ধাৱান।

মেনেজাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা BNSৰ ৩(৬) ধাৰাটো হ’ল- Whenever an act is criminal only by reason of it being done with criminal knowledge or intention is done by several persons. ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে BNSৰ ৩(৭) ধাৰা whenever the causing of a certain effect or an attempt to cause that effect is an offence, ৩(৮) ধাৰা  When an offence is committed by means of several acts ৰুজু কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অপৰাধৰ ষড়যন্ত্ৰৰ BNSৰ ধাৰা ৬১ (২) Criminal conspiracy অধীনত বিচাৰ চলিব।

মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে মুঠ ৬টা BNSৰ ধাৰাত বিচাৰ চলিব বুলি আদালতে নিৰ্ধাৰণ কৰিছে। আন কেইটা তেওঁৰ বিৰুদ্ধে এই গোচৰত ধাৰ্য্য কৰা ধাৰা হল BNSৰ ১০৩(১) আৰু ৩১৬ (৫)। ইয়াৰে ১০৩(১) Punishment for murder (হত্যাৰ বাবে শাস্তি) আৰু ৩১৬(৫) ধাৰাটো হ’ল Criminal breach of trust অৰ্থাত অপৰাধমূলক বিশ্বাস ভংগ ধাৰা।

দ্বিতীয়জন অভিযুক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩ (৬), ৩ (৭), ৩ (৮), ৬১ (২), ১০৩(১)ৰ উপৰিও ৩০৮ (২), ৩১৮ (৪), ২৩৮ ধাৰা আৰোপ কৰা হৈছে। মুঠ BNSৰ ৮টা ধাৰাত শ্যামকানুৰ বিৰুদ্ধে আদালতত বিচাৰ চলিব।

সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধাৰ্য্য কৰা ধাৰাৰ বিপৰীতে অতিৰিক্তভাৱে শ্যামকানু মহন্তৰ ক্ষেত্ৰত ৩০৮(২), ৩১৮ (৪), ২৩৮ BNSৰ ধাৰা কেইটা আদালতে আৰোপ কৰিছে। অৱশ্যে ৩১৬(৫) ধাৰা শ্যামকানুৰ বিৰুদ্ধে আৰোপ কৰা হোৱা নাই।

যি কেইটা ধাৰা শ্যামকানুৰ বিৰুদ্ধে অতিৰিক্তভাৱে আৰোপ কৰা হৈছে সেই ধাৰা কেইটাৰ ৩০৮(২) Extortion বা ধন দাবী, ৩১৮ (৪)cheating বা ঠগ-প্ৰবঞ্চনা, ২৩৮ Causing disappearance of evidence of offence , or giving false evidence to screen offender বা তথ্য-প্ৰমাণ নষ্ট কৰা বা মিছা তথ্য-প্ৰমাণ দিয়া অপৰাধীৰ ক্ষেত্ৰত প্ৰযোজ্য।

তৃতীয়জন অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে আদালতে গোচৰৰ বাবে ধাৰ্য্য কৰা BNSৰ ধাৰাসমূহ হ’ল ৩(৬), ৩(৭), ৩(৮), ৬১(২), R/w section ১০৩(১), ৩১৬(৫)। সিদ্ধাৰ্থ শৰ্মাৰ সৈতে একেই কেইটা ধাৰা বিচাৰৰ বাবে আদালতে শেখৰজ্যোতিৰ ক্ষেত্ৰতো ধাৰ্য্য কৰিছে।

অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধেও ৬টা ধাৰা আৰোপ কৰিছে আদালতে। অমৃতপ্ৰভাৰ বিৰুদ্ধে আদালতে বিচাৰৰ বাবে ধাৰ্য্য কৰা ধাৰা কেইটা হ’ল ৩(৬), ৩(৭), ৩(৮), R/w section ১০৩(১) আৰু ২৩৮। শ্যামকানু মহন্তৰ ক্ষেত্ৰত ধাৰ্য্য কৰা ২৩৮ ধাৰাটো অমৃতপ্ৰভাৰ ক্ষেত্ৰতো আদালতে আৰোপ কৰিছে।

ইতিমধ্যে উল্লেখ কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ ২৩৮ ধাৰা অপৰাধীয়ে তথ্য-প্ৰমাণ নষ্ট আৰু মিছা তথ্য-প্ৰমাণ দিয়াৰ বাবে আৰোপ কৰা হয়। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ ক্ষেত্ৰত কেৱল এটা ধাৰাহে বিচাৰৰ বাবে আদালতে নিৰ্ধাৰণ কৰিছে। সেই ধাৰাটো হ’ল ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ নম্বৰ ধাৰা। এই ধাৰা Punishment of culpable homicide not amounting to murder ক্ষেত্ৰত প্ৰযোজ্য হয়।

আন দুজন অভিযুক্ত তথা জুবিনৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ দুটাকৈ ধাৰাত চাৰ্জ ফ্ৰেম কৰা হৈছে। সেই ধাৰা দুটা হ’ল BNSৰ ৬১(২), R/w section ৩১৬ (৫)। ন্যায় সংহিতাৰ ৬১(২) ধাৰা Criminal conspiracy বা অপৰাধমূলক ষড়যন্ত্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য। আনটো ৩১৬ (৫) হ’ল ল Criminal breach of trust অৰ্থাত অপৰাধমূলক বিশ্বাস ভংগ ধাৰা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments