মে’ মাহ শেষ হোৱাৰ দিশে। আৰু ইয়াৰ লগে লগে ১ জুনৰ পৰা কেইবাটাও বৃহৎ বিত্তীয় পৰিৱৰ্তন হ’ব পাৰে, যিয়ে সাধাৰণ মানুহৰ পকেট আৰু দৈনন্দিন জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। এল পি জি চিলিণ্ডাৰৰ মূল্যৰ পৰা আৰম্ভ কৰি ইউ পি আই পেমেণ্ট, বেংকৰ নিয়ম, এ টি এম লেনদেনৰ মাচুল, এফ ডি সুতৰ হাৰ আৰু ছ’লাৰ পেনেলৰ নিয়মলৈকে বহু ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। গতিকে, এই নিয়মবোৰৰ বিষয়ে আগতীয়াকৈ জানিলে অতিৰিক্ত খৰচ বা সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি।
প্ৰতি মাহৰ দৰেই জুনৰ আৰম্ভণিতে তেল কোম্পানীসমূহে LPG আৰু CNG-PNGৰ মূল্য আপডেট কৰিব পাৰে। লগতে বহু বেংকে FD আৰু ছেভিংছ একাউণ্টৰ সুতৰ হাৰ সলনি কৰিব পাৰে। ইয়াৰ উপৰিও ৰে’লৱে, PAN নিয়ম আৰু ডিজিটেল পেমেণ্টৰ সৈতে জড়িত নতুন আপডেটসমূহো কাৰ্যকৰী হ’ব পাৰে। গতিকে, জুন মাহ আৰম্ভ হোৱাৰ আগতেই আপোনাৰ বিত্তীয় পৰিকল্পনাৰ বাবে এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়।
সলনি হ’ব UPI সম্পৰ্কীয় নিয়ম : ইউপিআইৰ জালিয়াতি হ্ৰাস কৰিবলৈ নতুন নিয়ম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে NPCIয়ে। নতুন নিয়ম অনুসৰি, ২০২৫ চনৰ ৩০ জুনৰ পৰা সকলো UPI এপত ধন পৰিশোধ কৰাৰ পূৰ্বে বেংকত পঞ্জীয়নভুক্ত প্ৰকৃত হিতাধিকাৰীৰ নামহে দেখা যাব। অৰ্থাৎ QR ক’ড, মোবাইল নম্বৰ বা user-defined নামৰ পৰিৱৰ্তে যিজন ব্যক্তিলৈ ধন প্ৰেৰণ কৰা হৈছে তেওঁৰ verified নাম দেখা যাব। ইয়াৰ ফলত ভুৱা নাম ব্যৱহাৰ কৰি হোৱা ইউপিআইৰ জালিয়াতি হ্ৰাস পাব বুলি আশা কৰা হৈছে।
পুনৰ সলনি হ’ব পাৰে LPG চিলিণ্ডাৰৰ দাম : ২০২৬ চনৰ ১ মে’ৰ পৰা বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ ফলত ১৯ কেজিৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ৯৯৩ টকা বৃদ্ধি পায়। ফলত দিল্লীত এই চিলিণ্ডাৰৰ মূল্য ৩,০৭১.৫০ টকা হয়। কিন্তু ১৪.২ কেজিৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই মূল্যবৃদ্ধিয়ে হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰভাৱিত কৰিছে। এতিয়া ১ জুনৰ পৰাও এল পি জিৰ নতুন মূল্য কাৰ্যকৰী হ’ব পাৰে, কিয়নো তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই মূল্য পৰ্যালোচনা কৰে।
পেন কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তনঃ ২০২৬ চনৰ নতুন আয়কৰ নিয়ম অনুসৰি PAN সম্পৰ্কীয় কেইবাটাও নিয়ম সলনি কৰা হৈছে। এতিয়া কিছুমান লেনদেনৰ বাবে পেন বাধ্যতামূলক নহ’ব, আনহাতে কিছুমান উচ্চ মূল্যৰ লেনদেনৰ বাবে নিয়ম কঠোৰ কৰা হৈছে। ইয়াৰ পূৰ্বে দিনটোত ৫০ হাজাৰতকৈ অধিক নগদ ধন জমা হ’লে পেন বাধ্যতামূলক আছিল। এতিয়া সেই নিয়ম উঠাই লোৱা হৈছে। আনহাতে, সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ বাবে পেন ব্যৱহাৰৰ সীমা ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। কিন্তু ৪৫ লাখতকৈ অধিক টকাৰ সম্পত্তিৰ লেনদেনৰ, Gift Deed আৰু Joint Development Agreement (JDA)ৰ বাবে পেন বাধ্যতামূলক কৰা হৈছে। এবছৰত ১০ লাখতকৈ অধিক নগদ ধন উলিওৱাৰ ক্ষেত্ৰতো পেন ৰিপ’ৰ্টিং প্ৰযোজ্য হ’ব। তদুপৰি পুৰণি Form 60ৰ সলনি নতুন Form 97 প্ৰৱৰ্তন কৰা হৈছে, যিটো PAN নাথাকিলে ব্যৱহাৰ কৰিব লাগিব।
সৌৰ পেনেলৰ বাবে নতুন নিয়ম – সৌৰ পেনেলৰ বাবে নতুন ALMM (Approved List of Models and Manufacturers) নিয়ম ১ জুন, ২০২৬ৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ ফলত চৰকাৰী আঁচনি, নেট-মিটাৰিং আৰু ৰাজসাহায্যযুক্ত আঁচনিবোৰত কেৱল ALMM List-I আৰু List-IIত থকা ছ’লাৰ মডিউল আৰু চেল ব্যৱহাৰ কৰা হ’ব। চৰকাৰে জনাইছে, ১ জুনৰ পিছত ALMM List-II নিয়মত আৰু বৰ্ধিত সময় দিয়া নহ’ব। কিন্তু কিছুমান প্ৰকল্পক পৃথকভাৱে ৰেহাই দিয়া হ’ব পাৰে। নতুন নিয়মৰ দ্বাৰা সৌৰ পেনেলৰ মূল্য বৃদ্ধি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে যদিও ইয়াৰ ফলত ঘৰুৱা উৎপাদন আৰু গুণগত মান উন্নত হ’ব
ATMৰ পৰা নগদ ধন উলিওৱাৰ চাৰ্জ বৃদ্ধি পাব পাৰে : যোৱা মাহত কেইবাটাও বেংকে এটিএম আৰু বেংকিং নিয়মত সালসলনি কৰিছিল। এইবাৰ ১ জুনৰ পৰা কিছুমান বেংকে এটিএম লেনদেনৰ মাচুল, বিনামূলীয়া লেনদেনৰ সীমা আৰু নগদ ধন উলিওৱাৰ নিয়মত সালসলনি কৰিব পাৰে। ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা HDFC Bankয়ে UPI ATMৰ নগদ ধন উলিওৱাৰ প্ৰক্ৰিয়াক বিনামূলীয়া সীমাত অন্তৰ্ভুক্ত কৰিছে। আনহাতে পঞ্জাৱ নেচনেল বেংকে কিছু ডেবিট কাৰ্ডত দৈনিক টকা উলিওৱাৰ সীমা হ্ৰাস কৰিছে। ইয়াৰ উপৰিও বিভিন্ন বেংকে এফ ডিৰ সুতৰ হাৰতো সালসলনি কৰিছে। ইয়াৰ উপৰিও জুন মাহত RBIৰ MPC বৈঠকত আধাৰ কাৰ্ড, পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু ৰেপো ৰেটৰ সৈতে জড়িত আন কিছু পৰিৱৰ্তনও দেখা যাব পাৰে।
