সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমানৰ প্ৰতিবেদন:বৃহস্পতিবাৰে ভাৰতবৰ্ষত পালন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগ আৰু আনন্দৰ উৎসৱ ঈদ- উল-আজহা। অসমতো শান্তিপূৰ্ণভাবে পালন কৰা হৈছে ঈদ-উল-আজহা। সমান্তৰালকৈ বৰপেটা জিলা কুকাৰপাৰত মাজদিয়া-চেঙা-কুকাৰপাৰ আঞ্চলিক ঈদগাহ ময়দানতো বৃহস্পতিবাৰে পুৱা ৯ বজাত অনুষ্ঠিত হয় ঈদ-উল-আজহাৰ সমূহীয়া নামাজ।
বৃহত্তৰ অঞ্চলটোৰ সৰু-বৰ প্ৰায় ১৮খন গাঁৱৰ ১৫ সহস্ৰাধিক লোক সমবেত হৈ আদায় কৰে ঈদৰ সমূহীয়া নামাজ। শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাবে অনুষ্ঠিত হৈ যায় ঈদৰ সমূহীয়া নামাজ। ঈদ-উল-আজহাৰ এই সমূহীয়া নামাজত মাজদিয়া-গৰেমাৰী নতুন পাৰা জামে মছজিদৰ পেচ ইমাম তথা যুৱ লেখক, ইছলামিক ৰিচাৰ্ছ স্ক’লাৰ হাফিজ মৌলানা নুৰ আলম শইকীয়াই ইমামতি কৰা বুলি জানিবলৈ দিয়ে কুকাৰপাৰৰ বিশিষ্ট সমাজসেৱক তথা উদ্যোক্তা ফেদ্দুছ আলীয়ে।
নামাজৰ অন্তত ইমামতিয়ে বিশ্ব শান্তিৰ বাবে দোৱা কৰে। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজ্যোতি ডেকা, সহকাৰী উপ-পৰিদৰ্শক কমল কলিতাসহ সৰ্থেবাৰী আৰক্ষী আৰু মাজদিয়া আৰক্ষী চকীৰ এটি আৰক্ষীৰ দলে ঈদগাহত উপস্থিত হৈ শান্তি-শৃংখলা অটুত ৰখাত সহায় কৰাৰ লগতে যান-জঁট নিয়ন্ত্ৰণ কৰে।
