Monday, June 1, 2026
Homeঅসমআজিৰে পৰা আৰু দোকান নিদিয়ে মনিকাই

আজিৰে পৰা আৰু দোকান নিদিয়ে মনিকাই

পথৰ দাঁতিত ফল-মূলৰ চালাদ বিক্ৰী কৰি ভাইৰেল হোৱা মণিকা সোণোৱাল আৰু নাই। কালিলৈকে অজস্ৰজনৰ সৈতে হাঁহি হাঁহি কথা পতা মণিকা হৈ পৰিল নিথৰ দেহ। গ্ৰাহকক দোকানলৈ মাতি শুশ্ৰূষা কৰিবলৈ নিজেই নাথাকিল জীয়াই… সৰুতেই মাক-দেউতাকক হেৰুৱাইছিল মণিকা সোণোৱালে।

ফলৰ ৰস আৰু চালাড বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল মণিকাই।কিন্তু কম বয়সতে মণিকাও গুচি গ’ল অজান দেশলৈ। চকুৰ সন্মুখতে থানবান হৈ পৰিল ঘৰখন। এক পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল ধেমাজিৰ এগৰাকী অত্যন্ত কৰ্মঠ, প্ৰতিভাৱান তথা স্বাৱলম্বী যুৱতীগৰাকীৰ। জানিব পৰা অনুসৰি স্কুটী চলাই গৈ আছিল মণিকা সোণোৱাল, কিন্তু পথত পেলাই থোৱা ছেণ্ডগ্ৰেভলত পিছলি পৰে মণিকা সোণোৱাল।

তৎমুহূৰ্ততে পিছফালৰ পৰা অহা এখন ট্ৰাকে মহটিয়াই নিয়ে যুৱতীগৰাকীক।ততাতৈয়াকৈ মণিকাক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হয় মণিকাৰ।ধেমাজিৰ তেলিজানত পথৰ কাষত ‘ফ্ৰুইট চালাড’ৰ‌ দোকান দি নিজৰ পৰিয়াল পোহপাল দিয়া মণিকা সোনোৱালৰ‌ মৃত্যুত মৰ্মাহত সকলো।কালিও নিজৰ ফলৰ চালাড বিক্ৰী কৰা দোকানলৈ সকলোকে আমন্ত্ৰণ জনাই ছ’চিয়েল মিডিয়াত প’ষ্ট দিছিল মণিকা সোণোৱালে। কিন্তু দুৰ্ভাগ্যজনকভাৱে বৃহস্পতিবাৰে শোকাৱহ পথ দুৰ্ঘটনাত শেষ হৈ গ’ল মণিকাৰ জীৱন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments