Monday, June 1, 2026
Homeঅসমছ’চিয়েল মিডিয়াযোগে পুনৰ এটা ভাল লগা খবৰ ৰাজহুৱা কৰিলে কুংকি চৌধুৰীয়ে

ছ’চিয়েল মিডিয়াযোগে পুনৰ এটা ভাল লগা খবৰ ৰাজহুৱা কৰিলে কুংকি চৌধুৰীয়ে

ছ’চিয়েল মিডিয়াযোগে পুনৰ এটা ভাল লগা খবৰ ৰাজহুৱা কৰিলে কুংকি চৌধুৰীয়ে। কিছুদিন পূৰ্বে ইউনিভাৰ্চিটী কলেজ লণ্ডনৰ ইনষ্টিটিউট অৱ এডুকেশ্যনৰ (IOE) পৰা আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল কুংকি চৌধুৰীয়ে।এইবাৰ ইউনিভাৰ্চিটী কলেজ লণ্ডনৰ ইনষ্টিটিউট অৱ এডুকেশ্যনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ শেহতীয়া বসন্ত সংখ্যাৰ পত্ৰিকাত স্থান লাভ কৰিলে কুংকি চৌধুৰীয়ে। আৰু বসন্ত সংখ্যাৰ পত্ৰিকাত ইনষ্টিটিউট অৱ এডুকেশ্যনত নিজৰ শিক্ষা জীৱনৰ যাত্ৰাৰ কথা বিষদভাৱে বৰ্ণনা কৰিলে কুংকি চৌধুৰীয়ে।

কুংকি চৌধুৰীয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে যে ‘‘ইউনিভাৰ্চিটী কলেজ লণ্ডনৰ ইনষ্টিটিউট অৱ এডুকেশ্যনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ শেহতীয়া বসন্ত সংখ্যাৰ পত্ৰিকাত স্থান লাভ কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা৷ ইনষ্টিটিউট অৱ এডুকেশ্যনৰ অংশ হিচাপে মোৰ যাত্ৰা, অভিজ্ঞতা আৰু শিকা কথাবোৰ ভগাই ল’বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এই সুন্দৰ সুযোগৰ বাবে ইউনিভাৰ্চিটী কলেজ লণ্ডন আৰু ইনষ্টিটিউট অৱ এডুকেশ্যনক আন্তৰিক ধন্যবাদ।’’

উল্লেখ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল কুংকি চৌধুৰী। বিধানসভা নিৰ্বাচনত প্ৰতিন্দ্বিতা কৰা কুংকি চৌধুৰীয়ে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments