ডিজিটেল ডেস্ক,১০ ছেপ্তেম্বৰ: উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যলৈ অসম চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছে।শেহতীয়াকৈ হিমাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন আৰু বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল ৰাজ্যখনক(Assam Govt provides financial aid to flood-hit Himachal Pradesh)।
উত্তৰ ভাৰতৰ ৰাজ্যক সাহাৰ্য্য অভিযান অব্যাহত ৰাখিবলৈ হিমাচল প্ৰদেশ চৰকাৰক ১০ কোটি টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয় অসম কেবিনেটে।এই কথা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে (চিএমঅ’) অৱগত কৰে।
অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আপদা ৰাহত কোছ ২০২৩ৰ অধীনত এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।“এই সংকটৰ সময়ত অসমে হিমাচল প্ৰদেশৰ সৈতে সংহতিৰে থিয় দিছে।”