Monday, June 1, 2026
Homeঅসমজুন মাহৰ পৰা সুলভ মূল্যত লাভ নকৰে এইসমূহ খাদ্যসামগ্ৰী

জুন মাহৰ পৰা সুলভ মূল্যত লাভ নকৰে এইসমূহ খাদ্যসামগ্ৰী

জুন মাহৰ পৰা ৰাজ্যৰ সুলভ মূল্যৰ দোকানত ১০০ টকাত উপলভ্য নহ’ব দাইল, চেনি আৰু নিমখৰ যোগান। জুন মাহৰ পৰাই অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব দাইল, চেনি আৰু নিমখৰ সুলভ মূল্যৰ যোগান। জুন মাহৰ পৰা ৰেচন কাৰ্ডৰ ৭০ লাখ হিতাধিকাৰীয়ে দাইল, চেনি আৰু নিমখ ক্ৰয় কৰিব লাগিব প্ৰচলিত বজাৰমূল্যত।

২০২৫ৰ নৱেম্বৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চলিত মে’ মাহপৰ্যন্ত প্ৰতিমাহে প্ৰতি কিলোগ্ৰামত ৬০ টকা দৰত লাভ কৰিছিল মচুৰ দাইল, নৱেম্বৰৰ পৰাই ১০ টকা দৰত নিমখ আৰু ৩০ টকা দৰত লাভ কৰিছিল চেনিও। সুদীৰ্ঘ সাতমাহধৰি ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যতে লাভ কৰি আহিছিল দাইল, চেনি আৰু নিমখ।
অৱশ্যে, জুনৰ পৰা পূৰ্ব নিৰ্ধাৰিত অনুসৰি গ্ৰাহকে লাভ কৰি থাকিব চাউল। পূৰ্বৰ বাজেট অনুসৰি মে’ মাহলৈ অনুদান আছিল অসম চৰকাৰৰ। সেয়ে ৰাজ্য চৰকাৰে নতুন বাজেট দাখিল নকৰাপৰ্যন্ত চেনি, দাইল, নিমখ লাভ নকৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments