Friday, November 8, 2024
Homeঅসমব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী সৈতে মত বিনিময় অসমৰ মুখ্যমন্ত্ৰীৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী সৈতে মত বিনিময় অসমৰ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক,১০ ছেপ্তেম্বৰ: নতুন দিল্লীত অনুষ্ঠিত জি-২০ৰ ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমু মত বিনিময় কৰে।

এই কথা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত অৱগত কৰে।‘নতুন দিল্লীৰ ভাৰত মণ্ডপামত জি-২০ সন্মিলনৰ সন্মানীয় প্ৰতিনিধিসকলৰ বাবে ভাৰতৰ সভাপতিয়ে আয়োজন কৰা ৰাতিৰ আহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে (Assam CM Sarma interacts with UK PM Sunak, expresses gratitude to PM Modi)।’

তদুপৰি জি-২০ৰ ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙৰ সৈতে মত বিনিময় কৰে।অসমৰ চিএমঅ’ই এক্সত লিখিছে, ‘ভাৰত মাণ্ডপামত জি-২০ প্ৰতিনিধিৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত ছিংগাপুৰৰ মাননীয় প্ৰধানমন্ত্ৰীক এইচচিএম ড° @himantabiswa সাক্ষাৎ কৰে।
চিএমঅ’ৰ পোষ্টটোত লগতে কোৱা হৈছে, ‘অসম চৰকাৰ আৰু ছিংগাপুৰ গণৰাজ্যৰ মাজত চলি থকা বিভিন্ন অংশীদাৰিত্বৰ ওপৰত এইচচিএমৰ আন্তৰিক আদান-প্ৰদান আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments