Tuesday, June 2, 2026
Homeঅসমন্যায় বিছাৰি হাবাথুৰি খাইছে মাতৃ

ন্যায় বিছাৰি হাবাথুৰি খাইছে মাতৃ

বিশ্বনাথৰ চালিয়া চাপৰিত প্ৰায় ১৫ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা চাৰিজন যুৱকক গ্ৰেপ্তাৰ, ফাঁচিৰ দাবী মাতৃৰ

ন্যায় বিছাৰি হাবাথুৰি খাইছে মাতৃ

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত চালিয়া চাপৰিত এক ভয়ংকৰ ঘটনা। অভিযোগ মতে জীয়াবুৰ ইছলাম, আছিকুল আলি
জামিল হক, ছাইফুল হুছেইন, জামুৰ উদ্দিন এই পাঁচজন লম্পটে ১৫ বছৰীয়া এগৰাকীক ঘৰৰপৰা ফুচুলাই এখন বাহনত নি দলবদ্ধভাৱে ধৰ্ষণ কৰি পুনৰ ঘৰৰ চোতালত থৈ যায় বুলি এক ঘটনা পোহৰলৈ অহাৰ পিচতে পৰিয়ালৰ লোকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এই জঘন্য কাণ্ডৰ বিষয়ে পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰে। তাৰ পিচতে বিশ্বনাথ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত লম্পট কেইজনক আটক কৰি
BNC PS Case No. 107/2026, U/S-140(3)/70(2) of the BNS, 2023, R/W Sec. 6 of POCSO Act: ৰ অধীনত বিশ্বনাথ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাই ইতিমধ্যে পাঁচজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।
আনহাতে কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰা এই লম্পট কেইজনক ফাঁচিৰ দাবী কৰিছে মাতৃয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments