তফিকুৰ ৰহমান, সৰ্থেবাৰীঃ
৩ জুনঃ সদ্য ঘোষিত জেইই (এডভান্স)২০২৬ৰ ফলাফলত সফলতা অৰ্জন কৰি বৰপেটা জিলাৰ মাজদিয়া-গৰেমাৰী গাঁওলৈ সুনাম কঢ়িয়াই আনিছে আয়ান মহম্মদে। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া-গৰেমাৰী গাঁৱৰ বিশিষ্ট সমাজসেৱক শ্বেখ ইয়াৰ মহম্মদ আৰু আখতাৰী বানিয়াৰা বেগমৰ পুত্ৰ আয়ান মহম্মদে জেইই (এডভান্স) -২০২৬ ত সফলতাৰে উত্তীৰ্ণ হোৱাত মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আজি আবেলি আয়ান মহম্মদক ৰাজহুৱাভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষত আজি আবেলি গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি কামৰুজ জামানৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা সভাখন। উক্ত সভাখনত বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইন উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। আয়ান মহম্মদ আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসাহৰ উৎস হৈ পৰিছে। ভৱিষ্যতে বহুত ডাঙৰ মানুহ হ’লেও শিপাক পাহৰি নাযাবলৈও আয়ান মহম্মদক আহ্বান জনাইছে আনোৱাৰ হুছেইনে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে আলহাজ ফাইজুৰ ৰহমান, আলহাজ হবিবুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ ইদ্ৰিছ আলী, যুৱ সমাজকৰ্মী ইফতিয়াৰ জাহানকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে প্ৰেৰণামূলক আৰু আশীৰ্বাদসূচক মন্তব্য প্ৰদান কৰে।
মাজদিয়া গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি আমিৰ হুছেইন, সাধাৰণ সম্পাদক মইদুল ইছলাম, কাৰ্যকৰী সম্পাদক ইখতিয়াৰ আহমেদৰ তৎপৰতাত অনুষ্ঠিত সভাখনত গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আয়ান মহম্মদক ফুলাম গামোচা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আয়ান মহম্মদৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জ্ঞাপন কৰে। আয়ান মহম্মদে সৰ্বভাৰতীয় পৰ্যায়ত ১৪,১২১ সংখ্যক ৰেংকিং লাভ কৰি দেশৰ আগশাৰীৰ আই আই টিত অধ্যয়নৰ সুযোগ লাভ কৰিছে।
এলেন কেৰিয়াৰ ইনষ্টিটিউট, গুৱাহাটীত কোচিং কৰিছিল আয়ান মহম্মদে। কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিৰ বলত আয়ান মহম্মদে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে। আয়ান মহম্মদে সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ সপোনৰ কথা আৰু কিদৰে অধ্যয়ন কৰিছিল সেই বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। আয়ান মহম্মদৰ পিতৃ শ্বেখ ইয়াৰ মহম্মদ আৰু মাতৃ আখতাৰী বানিয়াৰা বেগমেও ভাষণ প্ৰসংগত নিজৰ পুত্ৰৰ কষ্ট আৰু অধ্যৱসায়ৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে।
আয়ান মহম্মদৰ পিতৃ শ্বেখ ইয়াৰ মহম্মদে নিজৰ পুত্ৰক এগৰাকী মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ চেষ্টা কৰা বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে। আয়ানে নিজৰ গৱেষণাৰ জৰিয়তে দেশৰ উন্নয়ন সাধন কৰিব লাগিব বুলি মন্তব্য কৰে পিতৃয়ে। ভবিষ্যতে ইউপিএচচি পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া হোৱাৰ বাবেও আয়ানে মনত সপোন পুহি ৰখা বুলি পিতৃয়ে উল্লেখ কৰে। আয়ানৰ পিতৃয়ে ভাষণ প্ৰদান কৰাৰ সময়ত আবেগিক হৈ পৰে।
