হঠাৎ এটা ভয়ংকৰ শব্দ… বায়ুসেনাৰ ঘাটিৰ পৰা ভাসমান হ’ল ক’লা ধোঁৱা… দুৰ্ঘটনাত পতিত বায়ুসেনাৰ বিমান। যোৰহাটৰ ৰৰৈয়া বায়ুসেনাৰ ঘাটিত হঠাৎ বিস্ফোৰণ। পুৱাৰ ভাগতেই হাহাকাৰ লাগিল যোৰহাটৰ বায়ুসেনাৰ ঘাটিত। অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হ’ল বায়ুসেনাৰ AN-32 বিমান। ৪৩ স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন।
ভাৰতীয় বায়ুসেনাই সদৰী কৰা অনুসৰি, অৱতৰণৰ সময়তে সংঘটিত হ’ল দুৰ্ঘটনা। বায়ু সেনাৰ সামগ্ৰী কঢ়িয়াই আনিছিল বিমানখনে। অৱতৰণৰ সময়ত ৰাণৱে’ত নিয়ন্ত্ৰণ হেৰুৱাইছিল বিমানখনে।স্থানীয় লোকে ধোঁৱাৰ পয়োভৰ দেখি নজৰ দিলে সমগ্ৰ ঘটনাত। তাৰপাছতেই প্ৰচণ্ড শব্দ কৰি দ্বিখণ্ডিত হ’ল বায়ুসেনাৰ বাহনখন। ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল। অগ্নিনিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে নিৰ্বাপণ কৰে জুই। তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হ’ল বায়ু সেনাৰ শীৰ্ষ বিষয়াৰ দল।
