Sunday, June 21, 2026
Homeঅসমৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা

ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা

শনিবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় নৱগঠিত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট অধিবেশন সন্দৰ্ভত শনিবাৰৰ কেবিনেটত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

অহা ৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব বাজেট অধিৱেশন। ২১ দিনতকৈও বেছি দিন হোৱাৰ সম্ভাৱনা আছে এই অধিৱেশন। অধিৱেশনত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। গুৱাহাটী ছেটেলাইট চিটী প্ৰাধিকৰণ গঠন সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। গুৱাহাটী বিমানবন্দৰৰ সমীপতে হ’ব ছেটেলাইট চিটী। গুৱাহাটী মহানগৰৰ সীমাৰ ভিতৰতে থাকিব এই ছেটেলাইট চিটী। তদুপৰি, এতিয়াৰে পৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ডেপুটেশ্যনৰ বাবে কেবিনেটৰ অনুমোদন লাগিব।

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভতো আলোচনা কৰা হয় শনিবাৰৰ কেবিনেটত। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ এতিয়াও চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি চলাই আছে। VB-G RAM G বিল সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অহা ১ জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ হ’ব। ২০০০ কোটি টকা খৰছ কৰা হ’ব। প্ৰতিখন পঞ্চায়তে গড় হিচাপে লাভ কৰিব ১ কোটিকৈ টকা। ১২৫ দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ সুযোগ দিয়া হ’ব।’’

ৰাজ্যৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবেও আজিৰ সংবাদমেলত ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আগষ্টৰ ১ তাৰিখৰ পৰা পুনৰ কাৰ্যকৰী হ’ব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘১ আগষ্টৰ পৰা অৰুণোদয় নিয়মীয়া হ’ব। কেৱল মাজে মাজে পৰীক্ষণ চলি থাকিব। অৰুণোদয় আঁচনি লাভ কৰি থকা মহিলাসকলে নতুনকৈ একো কৰিবলগীয়া নাই। আগষ্টৰ পৰা পূৰ্বৰ একাউণ্টতে নিয়মীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন।’’

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অসমত এতিয়াৰ পৰা আৰু ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে নাপাব নতুন আধাৰ কাৰ্ড। ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে বিশেষ কাৰণবশতঃ নতুনকৈ আধাৰ কাৰ্ড উলিয়াব বিচাৰিলে ইয়াৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি। প্ৰয়োজনসাপেক্ষে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল’লেহে লাভ কৰিব আধাৰ কাৰ্ড। অৱশ্যে, এইক্ষেত্ৰত এই নিয়ম সাময়িকভাৱে শিথিল হ’ব ST আৰু চাহ বাগিচাৰ লোকৰ ক্ষেত্ৰত। ২০২৭ বৰ্ষৰ মাৰ্চলৈকে ST আৰু চাহ বাগিচাৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে লাভ কৰিব আধাৰ কাৰ্ড। অবৈধ বাংলাদেশীয়ে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল’ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘‘চন্দ্ৰ-সূৰ্য থকালৈকে অসমীয়া ভাষা থাকিব। আমাক ভাল পোৱাসকলে লোকপিয়লত মাতৃভাষা লিখিব অসমীয়া। চৰ চাপৰি পৰিষদে মাতৃভাষা কি লিখিব আমাক জনাব নালাগে। আমাৰ মূল সমস্যা লাভ জেহাদ, বাল্যবিবাহ আদি।’’ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, ‘‘দুৰ্নীতি কমাবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ। দুৰ্নীতি নিৰ্মূল কৰিবলৈ নতুন কৌশল গ্ৰহণ কৰিব চৰকাৰে।’’ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দুজন ব্যক্তিৰ কাজিয়াক জাতিগত কাজিয়াৰ ৰূপ দিব নালাগে। এজন অপৰাধী হিন্দীভাষী হ’ব পাৰে, তাৰ মানেই সকলো হিন্দীভাষী অপৰাধী নহয়। এই বিভাজন কৰিলে পুনৰ জাতি আন্দোলনৰ দিশে অগ্ৰসৰ হ’ব। ২৫লাখতকৈ অধিক অসমীয়া ৰাজ্যৰ বাহিৰত আছে, সেইসকলক আক্ৰমণ কৰিলে আমাৰেই অনিষ্ট হ’ব। IAS, IPS নতুবা চিকিৎসক হৈ অসমীয়াগিৰি কৰিব লাগিব। অসমীয়াগিৰিৰ ডাঙৰ উদাহৰণ আত্মসহায়ক গোটৰ মহিলাসকল।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments