নীট ২০২৬ পৰীক্ষাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ভিডিঅ’ কনফাৰেন্সযোগে সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰে।নীটৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দর্ভত আজি অংশগ্রহণ কৰা বৈঠকত কেতবোৰ নির্দেশনা আগবঢ়োৱাৰ লগতে পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লোৱা হয়। সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।
সমাগত নীট পুনৰ পৰীক্ষা সন্দৰ্ভত বৈঠকত চৰকাৰৰ শূন্য সহনশীলতা দৃষ্টিভংগীক লৈ আলোকপাত কৰা হয়। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নীট পৰীক্ষাৰ সকলো প্ৰাৰ্থীৰ বাবে দ্বৈত স্তৰত পৰীক্ষণ ব্যৱস্থা কৰা হ’ব।পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধত ধাৰা ১৪৪ বলৱৎ কৰা হ’ব। বৈধ এডমিট কার্ড থকা প্ৰাৰ্থীৰ বাবে ASTC বাছত বিনামূলীয়া যাত্রা। পৰীক্ষাস্থলীত ‘ম’বাইল জেমাৰ’ স্থাপন কৰা হ’ব।কেন্দ্ৰত থাকিব ২৪ ঘণ্টা আৰক্ষী সুৰক্ষা। সামৰিক বিষয়াসকলে কঢ়িয়াই নিব প্রশ্নকাকত। সকলো কেন্দ্রত থাকিব চিচি টিভি নিৰীক্ষণ ব্যৱস্থা।
