নাজিৰাৰ পৰা জুলফিকাৰ আলি ৰিপ’ৰ্ট: আহোম যুগৰ এক বিশেষ দূৰ্গ। আহোমৰ ৰাজধানী সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা এবিধ বাঁহ। কোটোহা বাঁহ হিচাপে পৰিচিত এই বাঁহ এতিয়াও দেখিবলৈ পোৱা যায় নাজিৰাৰ বাঁহগড় অঞ্চলত।সংৰক্ষণৰ অভাৱত অস্তিত্বৰ সংকটত এই কোটোহা বাঁহ৷
বাঁহ শিল্পই GI TAG লাভ কৰাৰ সময়তে আজি আমি পৰিচয় কৰাই দিবলৈ লৈছো এজোপা বিশেষ বাঁহ। বাঁহ নহয় যেন এক সৈনিক হে। শত্ৰুৰ কাঁড়, যাঠি কিম্বা বৰটোপ প্ৰতিহত কৰিবৰ বাবে কোটোহা বাঁহ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বৰ সময়ত বাঁহগড়ত মোমাইতামুলী বৰবৰুৱাৰ দ্বাৰা ৰোপণ কৰা হৈছিল।
১৬০৩ ৰপৰা ১৬৪১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত ৰোপণ কৰা এই বাঁহে একপ্ৰকাৰৰ সুৰক্ষিত কৰি ৰাখিছিল আহোমৰ ৰাজধানীক। গড়খাৱৈৰ সমীপতে ৰোপণ কৰা এই বাঁহৰ মাজেৰে শত্ৰুপক্ষই আক্ৰমণ কৰাটো আছিল একপ্ৰকাৰ অসম্ভৱ।
এতিয়া এই বাঁহ ফুলিছে। সংৰক্ষণৰ অভাৱত অৱহেলিত হৈ পৰি ৰোৱা এই বাঁহ সম্পৰ্কে অধ্যয়ন কৰাৰো থল আছে। অবহেলিত হৈ পৰি ৰোৱা এই বাঁহ সংৰক্ষণৰ দাবী তুলিছে বুৰঞ্জীবিদ সকলে।
কোটোহা বাঁহ জঁটীয়া আৰু কাঁইটেৰে ভৰা যাৰ মাজেদি শত্ৰুৰ বৰটোপৰ গুলি আৰু কাঁড় সৰকি আহিব নোৱাৰিছিল লগতে কোটোহা বাঁহৰ শিঁপাই খাৱৈৰ মাটি খামুচি ধৰি নখহাকৈ ৰাখিছিল৷ কোটোহা বাঁহবোৰ বাঁহগড়ৰ য’ত ত’ত ৰোপণ কৰাৰ লক্ষ্য কৰিলে দেখা যায়যে যি ঠাইত গড়ৰ খাৱৈ বহল আৰু দ আছিল তাতেই ৰোপণ কৰা হৈছিল৷
