ভেৰগাওঁৰ পৰা তীৰ্থ শৰ্মাৰ প্ৰতিবেদন: ওদালগুৰি জিলা খৈৰাবাৰীৰ বৰনদী পাৰৰ যোগী মনি ৰাজবংশীয়ে কৰিলে এক অলৌকিক প্ৰদৰ্শন । যোগী বাবা মনি ৰাম ৰাজবংশীয়ে শিৱ দেৱতা আৰু মা দূৰ্গাৰ আশীৰ্বাদ গ্রহণ কৰা বুলি দাবি কৰি তেখেতে ১০ টা ভূত জলকীয়া খোৱাৰ উপৰিও ১০ কিলো ভূত জলকীয়াৰে স্নান কৰি এক অলৌকিক শক্তি প্ৰদৰ্শন কৰিলে। দহ কেজি ভূট জলকীয়া সৰ্বশৰীৰত সানি গা ধুই অভিলেখ সৃষ্টি কৰিলে।
যোগী মনি ৰাম ৰাজবংশীৰ এই অলৌকিক ঘটনা নিজৰ ধ্যান আৰু পূজা পাতলৰ যোগেদি লাভ কৰি ১০ কেজি জলকীয়াৰে গা ধূবাৰ উপৰিও ১০ টা জলকীয়া খাই দেখুৱালে তেখেতৰ গুনমুগ্ধৰ সন্মুখত।
বিশ্বাস কৰিবলৈ টান যদিও অসম্ভবকো সম্ভব কৰি দেখুৱাই দিলে যোগী মনি ৰাজবংশীয়ে ।
ইতিমধ্যে তেওঁ তন্ত্ৰ মন্তৰ যোগেদি সমগ্র অঞ্চলত জনপ্ৰিয় হৈ পৰিছে ৷ ঘৰুৱা সমস্যাৰ লগতে যিকোনো বেমাৰৰ চিকিৎসা সেৱাৰ যোগেদি বহু সংখ্যক লোকৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে।
