Tuesday, July 28, 2026
Homeঅসম১ জুলাইৰ পৰা সলনি হ'ল LPG চিলিণ্ডাৰৰ এই ৫টা নিয়ম

১ জুলাইৰ পৰা সলনি হ’ল LPG চিলিণ্ডাৰৰ এই ৫টা নিয়ম

১ জুলাইৰ পৰা কেইবাটাও আৰ্থিক নিয়ম সলনি হৈছে, যাৰ প্ৰভাৱ সাধাৰণ লোকৰ দৈনন্দিন জীৱনত পৰিব। এই পৰিৱৰ্তনসমূহৰ ভিতৰত LPG গেছ চিলিণ্ডাৰ সম্পৰ্কীয় নতুন নিয়মো অন্তৰ্ভুক্ত আছে। চৰকাৰী তেল বিপণন কোম্পানী ইণ্ডেন, ভাৰত গেছ আৰু HP গেছ-এ চিলিণ্ডাৰ বুকিং, ডেলিভাৰী প্ৰক্ৰিয়া আৰু PNG (Piped Natural Gas)-ৰ সৈতে জড়িত কেইবাটাও নতুন নিয়ম কাৰ্যকৰী কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক অধিক স্বচ্ছ আৰু উন্নত গেছ সেৱা প্ৰদান কৰা।

১. চিলিণ্ডাৰ ডেলিভাৰীৰ বাবে OTP বাধ্যতামূলক

এতিয়াৰ পৰা LPG চিলিণ্ডাৰ লাভ কৰিবলৈ OTP Verification বাধ্যতামূলক। চিলিণ্ডাৰ বুকিং কৰাৰ পিছত গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা OTP প্ৰেৰণ কৰা হ’ব। ডেলিভাৰীৰ সময়ত এই OTP ডেলিভাৰী এজেণ্টক দিব লাগিব। বুকিং ৰচিদ নাপালেও সঠিক OTP দেখুওৱাৰ পিছতহে চিলিণ্ডাৰ প্ৰদান কৰা হ’ব। ইয়াৰ ফলত গেছ চিলিণ্ডাৰৰ মজুতদাৰী আৰু ক’লা বজাৰ নিয়ন্ত্ৰণ কৰাত সহায় হ’ব।

২. LPG ছাবছিডিৰ বাবে e-KYC বাধ্যতামূলক

১ জুলাইৰ পৰা LPG ছাবচিডি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিয়ম কাৰ্যকৰী হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে e-KYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে। যিসকল গ্ৰাহকে ৩০ জুন, ২০২৬ৰ ভিতৰত e-KYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ LPG ছাবচিডি বন্ধ হ’ব পাৰে। ছাবচিডিৰ ধন e-KYC-সংযুক্ত বেংক একাউণ্টলৈহে পঠিওৱা হ’ব। ইয়াৰ উপৰি, পূৰ্বে চৰকাৰে বছৰি ৯টা চিলিণ্ডাৰত প্ৰতিটোত ৩০০ টকাৰ ছাচিছিডি দিছিল। কিন্তু মধ্য প্ৰাচ্যৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে জুন ২০২৬ৰ পৰা বছৰি মাত্ৰ ৪টা চিলিণ্ডাৰলৈকে এই সুবিধা সীমিত কৰা হৈছে।
৩. PNG সংযোগ থকা গ্ৰাহকৰ বাবে নতুন নিয়ম

পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নতুন নিয়ম অনুসৰি, যিসমূহ পৰিয়ালৰ ইতিমধ্যে PNG সংযোগ আছে, কিন্তু তৎসত্ত্বেও LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, তেওঁলোকে PNG সংযোগ সক্ৰিয় কৰিব লাগিব। ৩০ দিনৰ ভিতৰত LPG চিলিণ্ডাৰ জমা দিব লাগিব। বিনিময়ত গ্ৰাহকে এটা Transfer Voucher লাভ কৰিব। ভৱিষ্যতে PNG নথকা ঠাইলৈ স্থানান্তৰিত হ’লে এই ভাউচাৰ ব্যৱহাৰ কৰি পুনৰ সহজতে LPG সংযোগ লাভ কৰিব পাৰিব।
৪. PNG বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন হ’ব পাৰে

যদি কোনো PNG গ্ৰাহকে দুমাহ ধৰি বিল পৰিশোধ নকৰে, তেন্তে তেওঁৰ PNG সংযোগ বিচ্ছিন্ন কৰা হ’ব পাৰে। বকেয়া বিল পৰিশোধ কৰাৰ পিছতহে পুনৰ সংযোগ সক্ৰিয় কৰা হ’ব। PNG পাইপলাইন বা ভাল্‌ভ ইচ্ছাকৃতভাৱে ক্ষতিগ্ৰস্ত কৰিলে মেৰামতিৰ সম্পূৰ্ণ খৰচ গ্ৰাহকক বহন কৰিব লাগিব।
৫. LPG ডেলিভাৰী প্ৰক্ৰিয়াত DAC কোড বাধ্যতামূলক

OTP-ৰ লগতে এতিয়াৰ পৰা Delivery Authentication Code (DAC) ব্যৱস্থাও কাৰ্যকৰী কৰা হৈছে। চিলিণ্ডাৰ ডেলিভাৰীৰ সময়ত DAC কোড ডেলিভাৰী এজেণ্টক দিব লাগিব। DAC সঠিকভাৱে ভেৰিফাই হোৱাৰ পিছতহে ডেলিভাৰী সম্পূৰ্ণ বুলি গণ্য কৰা হ’ব। গ্ৰাহকসকলক DAC কোড কোনো তৃতীয় ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিবলৈও পৰামৰ্শ দিয়া হৈছে। ডেলিভাৰী সম্পূৰ্ণ হোৱাৰ পিছত পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা Cash Memo আহিব। ইয়াত চিলিণ্ডাৰৰ মূল্য, পৰিশোধৰ তথ্য, ডেলিভাৰীৰ তাৰিখ আৰু আন আন প্ৰয়োজনীয় তথ্য উল্লেখ থাকিব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments