গুৱাহাটী মহানগৰীত গ্ৰীন বাছৰ চালকৰ মইমতালি। গ্ৰীন বাছৰ খুন্দাত থিতাতে মৃত্যু এজন যুৱকৰ।পাণবজাৰত গ্ৰীন বাছৰ খুন্দাত প্ৰাণ গ’ল এজন যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ পৰিচয় পোহৰলৈ অহা নাই।
স্কুটী চলাই আহি থকাৰ সময়তে গ্ৰীন বাছে মহতিয়াই নিয়ে যুৱকজনক। যাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ।দুৰ্ঘটনাৰ পিছতে একাংশ লোকে খেদি খেদি ধৰে বাছখন। পাণবজাৰৰ আইচিআইচিআই বেংকৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।কিছুদিন পূৰ্বে গণেশগুৰিৰ উৰণ সেঁতুৰ ওপৰত এজন মিস্ত্ৰীক ৰঙৰ কাম কৰি থকা অৱস্থাত মহতিয়াই নিছিল গ্ৰীন বাছে।
