বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কৃষক পঞ্জীকৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। বিশ্বনাথত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পঞ্জীকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই।অনুষ্ঠানত মন্ত্ৰী হাজৰিকাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।
লগতে খেতিয়কসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ সদায় তৎপৰ বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।এই অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ জৰিয়তে যি সকল সাৰ ব্যবসায়ীয় কৃষক সকলক অন্যায় কৰিছে,সেই সকল সাৰ ব্যবসায়ীক শেষ সকিয়নি প্ৰদান কৰে আৰু আজিৰ পৰা যদি কৃষকৰ লগত অন্যায় কৰি এজনো সাৰ ব্যবসায়ী ধৰা পৰে,তেনেহলে জেললৈ যাবলৈ সাজু থাকিবলে সকিয়নি প্ৰদান কৰে আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।উক্ত অনুষ্ঠানত নৱনিৰ্বাচিত বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লব লোচন দাসেও ভাষণ প্ৰদান কৰে।
তেওঁ মন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ লগতে কৃষি বিভাগৰ বিভিন্ন অভিলাষী আঁচনিসমূহৰ বিষয়ে খেতিয়কসকলক অৱগত কৰে আৰু সকলোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।সভাত উপস্থিত ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা মন্ত্ৰীৰ আগত দাঙি ধৰে। বিশ্বনাথ জিলাত কেঁচা চাহপাতৰ মূল্য ঘনাই উঠা-নমা কৰাৰ বাবে খেতিয়কসকলে আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হৈ আহিছে।
তেওঁলোকে চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰি দিবলৈ চৰকাৰক আহ্বান জনায়। ইউৰিয়া সাৰৰ অধিক মূল্যৰ বাবে জিলাখনৰ প্ৰায় ১২ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে খেতিত ব্যয় বহন কৰিবলৈ অসুবিধা পাইছে। বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা নথকাৰ সমস্যাটোও সভাত উত্থাপন কৰা হয়।এই সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰি বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয়।
