Tuesday, July 28, 2026
Homeঅসমআন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী তথা শিক্ষাবিদ,চাপৰৰ সুসন্তান ড৹ প্ৰশান্ত কুমাৰ কলিতাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী তথা শিক্ষাবিদ,চাপৰৰ সুসন্তান ড৹ প্ৰশান্ত কুমাৰ কলিতাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

যোৱা ৫ জুলাই গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ আজি চাপৰৰ আৰেয়াৰঝাৰত থকা নিজ বাসগৃহলৈ পাৰ্থিৱ শৰীৰ অনা হয়।

আৰেয়াৰঝাৰ প্ৰাথমিক বিদ্যালয় আৰু চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ডঃ কলিতাই পঞ্জাব কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি অভিযান্ত্ৰিক বিষয়ত বি.টেক, থাইলেণ্ডৰ এছিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এম.টেক আৰু আমেৰিকাৰ আইঅ’ৱা ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰি বিশ্বৰ এগৰাকী আগশাৰীৰ কৃষি বিজ্ঞানী হিচাপে খ্যাতি অৰ্জন কৰিছিল।

তেওঁৰ পাৰ্থিৱ শৰীৰ আৰেয়াৰঝাৰ ৰাস মন্দিৰ, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাপৰ শাখা সাহিত্য সভাত লৈ যোৱা হয়, য’ত বহু শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী আৰু গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পৰৱৰ্তী সময়ত চাপৰ আঞ্চলিক শ্মশানত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ বিয়োগে চাপৰ, অসম তথা সমগ্ৰ বিজ্ঞান জগতলৈ এক অপূৰণীয় ক্ষতি বুলি বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments