সোণোৱালী শৈশৱৰ দিনবোৰ কাৰোবাৰ বাবে নাহে । একাংশ শিশুৱে অতি কষ্টৰ মাজেৰে জীৱনৰ মৌলিক প্ৰয়োজনীয়তাখিনিও লাভ নকৰাকৈ অতি দুৰ্বিসহ শৈশৱৰ দিন পাৰ কৰিব লগা হৈছে ।
যোৰহাটৰ তেনে এটা পৰিয়ালৰ জীৱন যাত্ৰাৰ দৃশ্যই বুকু বিষাই তুলিব আপোনাৰ । উত্তৰ পশ্চিম যোৰহাটৰ তিনিটি কনমানি শিশুৰ সৈতে দীৰ্ঘদিন ধৰি কচুৱনীৰ কাষত কেৱল এখন চালিৰ তলত জীৱন নিৰ্বাহ কৰি আহিছে জোনালী আৰু দৌৰ পৰিয়ালটোৱে ।
উত্তৰ পশ্চিম যোৰহাটৰ ৰান্ধনীজানৰ সকলো ধৰণৰ চৰকাৰী আচঁনি তথা সুবিধাৰ পৰা বঞ্চিত জোনালীৰ স্বামী দৌৱে হাজিৰা কৰি পোৱা সামান্য টকাৰে জীৱন নিৰ্বাহ কৰে ।
থাকিবলৈ ঘৰ নাই পৰিয়ালটোৰ । বাৰীৰ পিছফালে কচুৱনীৰ কাষত এখন টিনৰ চালিৰ তলতে তিনিটি কনমানি সন্তানৰ সৈতে জীৱন অতিবাহিত কৰি আহিছে পৰিয়ালটোৱে ।
এতিয়া প্ৰশ্ন হয় যে চৰকাৰে পঞ্চায়ত পৰ্যায়ত আৰ্থিক ভাবে পিছপৰা হাজাৰ হাজাৰ পৰিয়ালক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে জীৱন নিৰ্বাহৰ বহু সুবিধা প্ৰদান কৰি আহিছে । কিন্তু তাৰ মাজতে জোনালীহঁতৰ দৰে পৰিয়ালবোৰ অৱহেলিত হৈ থাকি যায় কেনেকৈ !
তিনিটি শিশুৱে দৈনিক দুমুঠি খাদ্যৰ বাবে পিতৃ – মাতৃৰ মুখলৈ আশাৰে বাট চাই থকা এই নি:কিন পৰিয়ালটোক চৰকাৰে কিছু সকাহ দিয়াৰ ব্যৱস্থা হাতত লবনে !
