Tuesday, July 28, 2026
Homeঅসমশিলচৰত দুধৰ্ষ দুগৰাকী চোৰ গ্ৰেপ্তাৰ উদ্ধাৰ

শিলচৰত দুধৰ্ষ দুগৰাকী চোৰ গ্ৰেপ্তাৰ উদ্ধাৰ

শিলচৰ সদৰ আৰক্ষীয়ে এক অভিযান চলাই দুধৰ্ষ দুগৰাকী চোৰ আটক কৰিবলৈ সক্ষম হৈছে।দীৰ্ঘদিনৰ পৰা দুই গৰাকী চোৰে শিলচৰ চহৰ সহ চুবুৰীয়া অঞ্চলত বিশেষকৈ বাইক চুৰিকার্য চলাই আহিছিল।আৰক্ষীয়ে ধৃত চোৰৰ পৰা দুখন বাইক সহ কেইবাটাও বাইকৰ চকা , ইঞ্জিন , বেটাৰী,ছিট টেংকী সহ অন্যান্য অংশ বিশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ধাৰাবাহিক বাইক চুৰিকাণ্ডত জড়িত আছিল দুই গৰাকী চোৰ।সদৰ আৰক্ষীয়ে শিলচৰ চহৰৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই অভিযানত বিপুল পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ উপৰিও শিলচৰৰ মধুৰবন্দৰ বাসিন্দা চাহাব উদ্দিন লস্কৰ আৰু ৰহিম উদ্দিন চৌধুৰী নামৰ দুগৰাকী দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীৰ জনোৱা অনুসৰি, উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে দুখন মটৰ চাইকেল, মটৰ চাইকেলৰ বিভিন্ন অংশ, ৭টা চাইলেন্সাৰ, এটা এয়াৰ কম্প্ৰেছাৰ, তিনিটা বেটাৰী, তিনিটা কাটিং মেচিন, এটা চাৰ্জাৰ মেচিন, বহু বাইকৰ টায়াৰ আৰু চকা, আৰু অন্যান্য ব্যয়বহুল সামগ্ৰী।প্ৰাথমিক তদন্তত আৰক্ষীৰ মতে বিভিন্ন অঞ্চলৰ পৰা মটৰ চাইকেল চুৰি কৰি কাটিং মেচিনৰ সহায়ত অংশত ভাগ কৰি বিক্ৰীৰ বাবে মজুত কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকসকলক জেৰা কৰি চুৰি চক্ৰটোৰ সৈতে জড়িত অধিক সদস্যৰ তথ্য সংগ্ৰহৰ প্ৰচেষ্টা চলোৱা হৈছে। ইয়াৰ উপৰিও উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ প্ৰকৃত মালিক চিনাক্তকৰণৰ কামো আৰম্ভ কৰা হৈছে। শিলচৰ সদৰ আৰক্ষীৰ এই সফল অভিযানৰ পিছত সমগ্ৰ চহৰত চুৰি ৰোধৰ বাবে আৰক্ষীৰ প্ৰচেষ্টাক ইতিবাচক সঁহাৰি জনোৱা হৈছে। আৰক্ষীৰ মতে তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰু অধিক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিব পাৰে।অভিযুক্ত দুজনৰ বিৰুদ্ধে আইনৰ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হৈছে ।এই ঘটনাটোৱে অঞ্চলটোত চুৰি কাণ্ড ৰোধ কৰাত ডাঙৰ সকাহ প্ৰদান কৰিব বুলি শিলচৰ সদৰ আৰক্ষীয়ে জানিবলৈ দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments