মাকুম অঞ্চলত বাতৰিৰ প্ৰভাৱ । দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ অহা মাকুম ৰেলৱে জংচন আৰু ইয়াৰ আশে-পাশে থকা পৰিত্যক্ত ৰেল আবাসসমূহত অনৈতিক কাৰ্যকলাপ চলি থকাৰ বিষয়টো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই সক্ৰিয় হৈ পৰিল আৰক্ষী প্ৰশাসন।
মাকুম ৰেলৱে জংচন আৰু ইয়াৰ কাষৰ পৰিত্যক্ত ৰেল আবাসসমূহ বহুদিন ধৰি অসামাজিক আৰু অনৈতিক কাৰ্যকলাপৰ আখৰা হিচাপে পৰিণত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। এই সন্দৰ্ভত ৰেলৱে আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপিত হৈছিল।
সংবাদ মাধ্যমত এই বিষয়ক বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই আজি হঠাৎ মাকুম আৰক্ষীৰ এটা তহলদাৰী দল অঞ্চলটোত উপস্থিত হয়। আৰক্ষীয়ে ৰেলৱে জংচন চৌহদ আৰু পৰিত্যক্ত আবাসসমূহৰ আশে-পাশে তহল চলায় আৰু সন্দেহজনকভাৱে অৱস্থান কৰা কেইবাজোৰা যুৱক-যুৱতীক সোধা-পোচা কৰে।
ইপিনে, দীৰ্ঘদিন ধৰি অবহেলিত হৈ থকা পৰিত্যক্ত আবাসগৃহসমূহৰ চাফ-চিকুণ
কাষৰ হাবি-জংঘল পৰিষ্কাৰ কৰাৰ লগতে ভিতৰভাগো চাফ-চিকুণ কৰা পৰিলক্ষিত হয়। ইয়াৰ ফলত স্থানীয় ৰাইজৰ মাজত কিছু স্বস্তিৰ সৃষ্টি হৈছে।
