বঢ়মপুৰৰ,বৰুণজ্যোতি নেওগ: বহু জল্পনা-কল্পনাৰ মাজেৰে ঘোষণা হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ NEET পৰীক্ষাৰ ফলাফল।ৰাষ্ট্ৰীয় পৰ্যায়ত ঘোষণা হোৱা পৰীক্ষাটিত ৰাষ্ট্ৰৰ লগতে ৰাজ্যখনৰ বহু ছাত্র-ছাত্রীয়ে সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। সমান্তৰালকৈ নগাঁও মৰঙীয়াল গাঁৱৰ অংকুৰ কলিতা নামৰ ছাত্রজনে NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনৰ লগতে অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
গোটেই বছৰটি যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত এই সফলতা অৰ্জন কৰা বুলি জানিবলৈ দিয়ে অংকুৰে। আনহাতে পুত্ৰৰ সফলতাত যথেষ্ট উৎফুল্লিত পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গ। পিতৃৰ অশ্ৰুসিক্ত নয়নে অংকুৰৰ কষ্ট আৰু ত্যাগৰ কথা বুজাই দিয়ে। উল্লেখ্য যে এইবাৰ NEET পৰীক্ষাৰ কাকত ফাদিলৰ ফলত প্ৰথমে পৰীক্ষা বাতিল হোৱাৰ ফলত যথেষ্ট ভাগি পৰিছিল অংকুৰ।
