Friday, July 31, 2026
Homeঅসমপ্ৰতিমাহেই তিনি-চাৰিবাৰকৈ অসম ভ্ৰমণ কৰা দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী এতিয়া দুৰ্দশাগ্ৰস্ত ৰাইজৰ...

প্ৰতিমাহেই তিনি-চাৰিবাৰকৈ অসম ভ্ৰমণ কৰা দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী এতিয়া দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় হ’বলৈ কিয় অহা নাই

শিৱসাগৰ জিলাৰ শেহতীয়া বান পৰিস্থিতিত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা তীব্ৰভাৱে প্ৰভাৱিত হোৱাৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অঞ্চলকেইটা ভ্ৰমণ নকৰাত তীব্ৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই। আজি অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আকাশবীৰ সইকীয়াই কেন্দ্ৰীয় চৰকাৰৰ এই উদাসীনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

সংবাদ মেলত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিমাহেই তিনি-চাৰিবাৰকৈ অসম ভ্ৰমণ কৰা দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী এতিয়া দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় হ’বলৈ কিয় অহা নাই বুলি আকাশবীৰ শইকীয়াই প্ৰশ্ন কৰে। অসমক বানমুক্ত কৰাৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেয়া এতিয়া ক’লৈ গ’ল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

নগালেণ্ড চৰকাৰৰ ভুল নীতিৰ প্ৰভাৱ: উজনি অসমৰ এই তিনিখন জিলাত সৃষ্টি হোৱা কৃত্রিম বান পৰিস্থিতিৰ বাবে নগালেণ্ড চৰকাৰৰ অনিয়ন্ত্ৰিত কাৰ্যকলাপক দায়ী কৰা হয়। নগালেণ্ডত চলি থকা অবৈধ শিল আৰু কয়লা খননৰ ফলত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতবোৰত জমা হোৱা পানী নৈ-উপনৈৰে প্ৰবাহিত হৈ শিৱসাগৰসহ অন্যান্য অঞ্চল প্লাবিত কৰিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

নগালেণ্ডৰ ৰাইজ আৰু দল-সংগঠনলৈ আহ্বান জনায় নগালেণ্ডত চলি থকা এনে পৰিৱেশ ধ্বংসকাৰী আৰু খহনীয়াকাৰী খনন কাৰ্যৰ বিৰুদ্ধে নগালেণ্ডৰ সমূহ ৰাইজ তথা থলুৱা দল-সংগঠনসমূহক সজাগ আৰু সোচ্চাৰ হ’বলৈ অসমীয়া যুৱ মঞ্চই আহ্বান জনায়।

অসমীয়া যুৱ মঞ্চই শীঘ্ৰেই বানপীড়িত ৰাইজক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ প্ৰদানৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাক গুৰুত্বসহকাৰে ল’বলৈ দাবী জনায়।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments