Friday, July 31, 2026
Homeঅসমচাৰিখন জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

চাৰিখন জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত ফেচবুক লাইভযোগে কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বানত মৃত্যু হোৱা লোকৰ পৰিয়ালে চৰকাৰী ৪ লাখ টকাৰ অৰ্থ সাহায্যৰ লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও অতিৰিক্ত ৫ লাখকৈ টকা লাভ কৰিব। আগন্তুক এমাহলৈ যদি সদ্য-সন্ধানহীন হৈ থকা লোকৰ সন্ধান পোৱা নাযায়, তেন্তে মৃত বুলি ধৰি লোৱা হ’ব আৰু চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব।’’

তেওঁ কয়, ‘‘বানাক্ৰান্ত ৰাইজক এতিয়া নগদ টকাৰ প্ৰয়োজন। বাচন-বৰ্তন, কাপোৰ কিনিবলৈ চৰকাৰে সহায় কৰিব। অহা চাৰি-পাঁচ দিনৰ ভিতৰত চৰকাৰে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। আনুমানিক প্ৰায় ১ লাখতকৈ অধিক পৰিয়ালে এই সাহায্য লাভ কৰিব। আজিৰে পৰা জিলা আয়ুক্তসকলে এই তালিকা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। অন্তৰ্ৱৰ্তীকালীন সাহায্য হিচাপে প্ৰতিটো পৰিয়াললৈ এই ১৫ হাজাৰ টকা আগবঢ়োৱা হ’ব।’’

অৰুণোদয় আঁচনি সন্দৰ্ভত ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এইবাৰ অৰুণোদয় আঁচনি ৩ আগষ্টৰ পৰিৱৰ্তে ১ তাৰিখে লাভ কৰিব। উজনিৰ চাৰি জিলা (শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট) বানাক্ৰান্ত অৰুণোদয় হিতাধিকাৰী লাভ কৰিব ২৫০০ টকা। অৱশ্যে বাকী জিলাৰ হিতাধিকাৰীসকলে এইবাৰ অলপ কমকৈ ধন লাভ কৰিব।’’
শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা কৰি তেওঁ কয়, ‘‘ইউনিফৰ্ম ক্ৰয় কৰিবলৈ পুনৰ পুঁজি লাভ কৰিব বানাক্ৰান্ত জিলাৰ শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থীসকলে পুনৰ লাভ কৰিব কিতাপ। লগতে উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে ১ হাজাৰ টকা, স্নাতক শিক্ষাৰ্থীয়ে ৩ হাজাৰ টকা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৫ হাজাৰ টকাকৈ লাভ কৰিব। যিসকল শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ বানত নষ্ট হৈছে, তেওঁলোকে বিনামূলীয়াকৈ প্ৰমাণপত্ৰ লাভ কৰিব। ইয়াৰ উপৰি যিসকলৰ ঘৰ, পশুধন নষ্ট হৈছে এইসমূহ ৩ তাৰিখৰ পৰা পৰীক্ষণ কৰা হ’ব।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments