ডিজিটেল ডেস্ক ANEWS24X7: অসম চৰকাৰৰ চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ সকিয়নি , ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট কৰিলে এক ছেকেণ্ডত যাব লাগিব জেললৈ ৷ নলবাৰীৰ মৰোৱা উৎসৱত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ ভাগ্যদেৱীৰ এই বৰ্ষৰ নাট্যৰম্ভ কৰা হয় । থিয়েটাৰ ভাগ্যদেৱী উদ্ধোধন কৰি সীমান্ত শেখৰে অসমৰ চিনেমা উদ্যোগ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে থিয়েটাৰ ভাগ্যদেৱী উদ্ধোধন কয় যে ,
‘‘ কলা সংস্কৃতি আৰু চিনেমা উদ্যোগ আগবাঢ়ি যাব লাগিব । বৰ্তমানলৈকে ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেৰ কথা শুনিবলৈ পোৱা নাই ৷ যদিহে ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট চলি আছে তেন্তে ই কলা সংস্কৃতিৰ বাবে অভিশাপ ৷ ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট কৰিলে এক ছেকেণ্ডত জেললৈ যাব লাগিব ৷’’