- মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ বান সাহায্য।
- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে ৫ লাখ ৫০১ টকাৰ চেক।
- কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে এই চেক।
- কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ নিৰ্দেশত বানপীড়িতৰ সহায়ৰ বাবে আগবঢ়ায় এই আৰ্থিক অনুদান।
- ইতিমধ্যেই কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত ৰাইজৰ বাবে ২৫ লাখ টকাৰ প্ৰয়োজনীয় সামগ্ৰী আৰু আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে।
- যোৱা ১০ আৰু ১১ আগষ্টত শিৱসাগৰ জিলাৰ কেইবাটাও বানপীড়িত অঞ্চলত কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হোৱাৰ লগতে প্ৰয়োজনীয় ঔষধ প্ৰদান কৰা হৈছিল।
