ওদালগুৰি, ৯ আগষ্ট: আজি বিশ্ব আদিবাসী দিৱস। এই উপলক্ষে ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা—আছাৰ পানেৰী আঞ্চলিক সমিতি আৰু জানী শক্তি সংগঠনৰ সৌজন্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে দিৱসটো উদযাপন কৰা হয়।
দিৱস উপলক্ষে বিভিন্ন আদিবাসী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি নৃত্য-গীত আৰু বাদ্যযন্ত্ৰৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ফলত সমগ্ৰ পানেৰী অঞ্চলত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সভাপতি বৰুন নাগে আদিবাসীসকলৰ ভূমিৰ পট্টা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে।
আদিবাসী জনগোষ্ঠীৰ ন্যায্য অধিকাৰ আৰু দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে।
