Monday, August 10, 2026
Homeঅসমশিশুৰ সপোনক পোহৰ দেখুওৱা এজন শিক্ষকলৈ ‘দ্ৰোণাচাৰ্য–২০২৬’

শিশুৰ সপোনক পোহৰ দেখুওৱা এজন শিক্ষকলৈ ‘দ্ৰোণাচাৰ্য–২০২৬’

ধূপধৰাৰ ৰুদ্ৰ সিং ৰাভাৰ শিক্ষকতা-সাধনালৈ স্বীকৃতি

এজন শিক্ষকৰ কৰ্মৰ পৰিসৰ এটা শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত আবদ্ধ নহয়। তেওঁ শিশুৰ মনত জগাই তোলে প্ৰশ্ন, সপোন আৰু আত্মবিশ্বাস; শিকাই জীৱনক চাবলৈ এক নতুন দৃষ্টি। এনে শিক্ষকতা-সাধনাৰ স্বীকৃতি হিচাপে গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষা খণ্ডৰ খিলামাৰা বাখাৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা গোৱালপাৰা জিলাৰ ধূপধৰা ৰাভাপাৰাৰ বাসিন্দা ৰুদ্ৰ সিং ৰাভাক ‘দ্ৰোণাচাৰ্য বঁটা–২০২৬’ প্ৰদান কৰা হৈছে। চানমাৰিৰ শিক্ষক ভৱনত অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ২০২৬-২৮ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ আৰু বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে ৰুদ্ৰ সিং ৰাভাৰ হাতত বঁটাটি অৰ্পণ কৰে।

এই বঁটাৰ আঁৰত আছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ উদাৰ চিন্তা। মঙ্গলদৈ মহকুমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধৰণীধৰ মেধিয়ে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীলৈ আগবঢ়োৱা দুই লাখ টকাৰ অনুদানেৰে ‘মেধি ধৰণীধৰ-গুণলতা ন্যাস’ গঠন কৰা হয়। এই ন্যাসৰ লভ্যাংশৰ জৰিয়তে প্ৰতি দ্বি-বাৰ্ষিক অধিৱেশনত ‘শিক্ষক শ্ৰী’ আৰু ‘দ্ৰোণাচাৰ্য বঁটা’ প্ৰদান কৰা হয়। বঁটাৰ সৈতে মানপত্ৰ, চেলেং, স্মাৰক আৰু ৫,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হয়। ৰুদ্ৰ সিং ৰাভাৰ শিক্ষকতা যাত্ৰাৰ আৰম্ভণি ২০১২ চনত বগুলামাৰী বিলামপুৰ প্ৰাথমিক বিদ্যালয়ত ঠিকাভিত্তিক সহকাৰী শিক্ষক হিচাপে। ২০১৬ চনত নিয়মীয়া পদত যোগদান কৰাৰ পিছত ২০১৭ চনত খিলামাৰা বাখাৰাপাৰা প্ৰাথমিক বিদ্যালয়লৈ আহি প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে।

তাৰ পিছৰ সময়ছোৱাত তেওঁৰ দায়িত্ববোধ, কৰ্তব্যনিষ্ঠা আৰু নীতিনিষ্ঠ প্ৰচেষ্টাই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশত এক নতুন গতি সঞ্চাৰ কৰে। এই যাত্ৰাত তেওঁ ২০১৮ চনত জিলা কৃতী শিক্ষক বঁটা, ২০২১ চনত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিধানুৰাম ৰাজবংশী সোঁৱৰণী শিক্ষা বঁটা আৰু ২০২৩ চনত অসম চৰকাৰৰ ৰাজ্যিক কৃতী শিক্ষক বঁটা লাভ কৰিছে । প্ৰতিটো বঁটাৰ আঁৰত আছে শিশুৰ সৈতে কটোৱা অসংখ্য মুহূৰ্ত, শিক্ষাৰ প্ৰতি অবিচল বিশ্বাস আৰু বিদ্যালয়ক এক জীৱন্ত শিক্ষণস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস। শ্ৰেণীকোঠাৰ বাহিৰতো তেওঁৰ কৰ্মযাত্ৰাৰ পৰিসৰ বিস্তৃত। সাহিত্যচৰ্চা, আলোচনী সম্পাদনা, প্ৰবন্ধ ৰচনা, সাংস্কৃতিক আৰু সামাজিক দায়িত্ব পালনৰ লগতে শিক্ষক সংগঠনৰ কামতো তেওঁ সক্ৰিয়। দুধনৈ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সম্পাদক হিচাপে আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ডিজিটেল কোষৰ সদস্য হিচাপে তেওঁ সেৱা আগবঢ়াই আহিছে। প্ৰেৰকঃ–ভাৰ্গৱ ৰাজবংশী ,ধূপধৰা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments