দেওবাৰে আদিবাসী জাতীয় সমাজ মহাসংঘৰ সৌজন্যত ননৈ চাহ বাগিছা আদিবাসী শ্ৰমিকৰ উদ্যোগত উদমাৰী পঞ্চায়ত অন্তৰ্গত ৰাইজৰ সহযোগত নগাঁও জিলাৰ ভিক্তিত ননৈ চাহ বাগিছাৰ পূজা নামঘৰৰ প্ৰাংগনত বিশ্ব আদিবাসী দিৱস আয়োজন কৰা হয়। পুৱা ৮ বজাত পতাকা উত্তোলন, ৮:৩০ বজাত শ্বহীদ তৰ্পণ কৰা হয়। ১১:৩০ বজাত মুকলি সভাত সভাপতিত্ব কৰে নবকান্ত দেউৰীয়ে। বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি ২০২৬ চনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, স্বাস্থ্য দিশৰ ওপৰত আলোচনা কৰা হয়।

সভাত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ সম্পাদক পুৰণ গঞ্জু, প্ৰচাৰ সম্পাদক থানেশ্বৰ গোঁড়,বিজেপি কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰী ,আদিৱাসী জাতীয় সমাজ মহাসংঘৰ সভাপতিবিৰেন মিৰ্ধা, আছা, নগাঁও জিলাৰ শিক্ষা সম্পাদক চিকিত ধৰি, আছা নগাঁও জিলাৰ প্ৰাক্তন উপ-সভাপতি পবিত্ৰ ভুমিজ , বিশিষ্ট শিল্পী মংগল নায়ক,বিশিষ্ট সমাজকৰ্মী অৰুন মূৰ্মূ, উমেশ ৰাজগড়, ৰবিন কুমাৰ, ৰহিত নায়ক, এৰনিউচ হেমৰম।আটছা নগাঁও জিলাৰ সাংগঠনিক সম্পাদক গৌতম চবৰ,সমাজ সেৱক তথা স্বাস্থ্য কৰ্মী – এলিউচ লাকড়া,ৱাৰ্ড সদস্য তথা ভুমিজ সমাজ নগাঁও জিলাৰ সম্পাদক হোমেশ্বৰ ভুমি,গাওঁপ্ৰধান -মাৰানিউছ ভেংৰা লগতে ছাত্ৰ ছাত্ৰী আৰু ননৈ চাহ বাগিছাৰ শ্ৰমিক ৰাইজ উপস্থিত থাকে।
