দুসুঁতিমুখৰ মৰঙীয়ালত কালৰূপী ধুমুহাৰ ধ্বংসলীলা: সৰ্বস্বান্ত বহু পৰিয়াল :: ধুমহাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুসুতিমুখৰ ৰূপা পাটগিৰি নামৰ এগৰাকী মহিলা।
বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। যাতায়তো একেবাৰে বন্ধ হৈ পৰিছে।
বানপানীৰ সংহাৰী ৰূপৰ মাজতে হোৱা এক ভয়ানক কালধুমুহাই ত্ৰাস সৃষ্টি কৰিলে দুসুঁতিমুখ অঞ্চলত। মাজনিশা অহা এক প্ৰচণ্ড ধুমুহাই
বোকাখাত সমজিলা অন্তৰ্গত দুসুঁতিমুখ গাঁও পঞ্চায়তৰ মৰঙীয়াল গাঁৱখনত তীব্ৰ তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে। এই আকস্মিক দুৰ্যোগে গাঁওবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।
ধুমুহাৰ প্ৰকোপ এনেকৈ পৰিছিল যে মৰঙীয়াল গাঁৱৰ বহু লোকৰ বসতি গৃহ, ধানৰ ভঁৰাল আৰু গোহালিঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। কেইবাটাও ঘৰৰ ওপৰত ডাঙৰ গছ বাগৰি পৰাৰ লগতে বহু ঘৰৰ টিনপাত উৰুৱাই লৈ যায়।
ধুমুহাৰ ফলত দুসুঁতিমুখ – ৰঙাগড়া সংযোগী মূল পথৰ দুই কাষৰ গছ-গছনি,বিদ্যুত ট্ৰান্সফৰ্মাৰ ভাঙি বিদ্যুতৰ খুঁটা পথৰ ওপৰত ভাগি পৰিছে। ফলস্বৰূপে সমগ্ৰ অঞ্চলটোত বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। যাতায়তো একেবাৰে বন্ধ হৈ পৰিছে।
ইতিমধ্যে বানপানীত জৰ্জৰিত হৈ থকা মৰঙীয়াল গাঁৱৰ ৰাইজৰ ওপৰত এই ধুমুহাই দিত্বীয় আঘাত হানিলে। স্থানীয় লোকসকলে চৰকাৰ তথা জিলা প্ৰশাসনক অবিলম্বে ক্ষতিগ্ৰস্তসকলক জৰুৰীকালীন সাহায্য প্ৰদান কৰিবলৈ আৰু পথৰ পৰা ভঙা গছ-বিদ্যুতৰ খুঁটাসমূহ আঁতৰাই যোগাযোগৰ সুচল ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
