ডুমডুমাৰ কুমচাং চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
বিগত বহুদিন ধৰি চাহ বাগিচা খনত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল প্ৰকাণ্ড বাঘটোৱে
চাহ বাগিচাখনৰ কতৃপক্ষ, স্থানীয় চাহ শ্ৰমিকৰ তৎপৰতাত ৰখা হৈছিল পিঞ্জৰাটো
অৱশেষত বন বিভাগৰ লোক উপস্থিত হৈ বাঘটো চমজি লৈ কোনো সংৰক্ষিত বনাঞ্চলত মুকলিৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে
বিগত সময়ত অঞ্চলটোত গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তি অনুভৱ কৰিছে চাহ বাগিচাখনৰ শ্ৰমিক তথা ৰাইজে
