ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল আৰু জনমুখী কৰাৰ লক্ষ্যৰে যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্ত সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
জিলা আয়ুক্তসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে মঙলবাৰে সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্সংস্থাপনৰ বাবে প্ৰথম পৰ্যায়ত সম্পন্ন কৰা জৰীপৰ বিশ্লেষণ কৰা হয়। একেদৰে মাধ্যমিক পৰ্যায়ত বৃদ্ধি পোৱা বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘স্বাস্থ্য খণ্ডত ৰাজ্যৰ ৪,০০০ পি এইচ চি উন্নীত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সম্প্ৰসাৰণৰ বাবে অৰুণাচল চৰকাৰৰ পৰা মাটি ক্ৰয়ৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ উপৰি অচিৰেই চৰকাৰী নিচামুক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।’’
বিনিয়োগকাৰীক সহজে মাটি যোগান ধৰাৰ বাবে লেণ্ড বেংকৰ ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়েও সন্মিলনত আলোচনা কৰা হয় বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। অহা ১৭ আৰু ১৮ অক্টোবৰত ‘সেৱা আৰু সমৰ্পণ দিৱস’ পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্ত কাৰ্যালয়ৰ কাষতে এটা বহুমহলীয়া ভৱন নিৰ্মাণৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় জিলা আয়ুক্ত সন্মিলনত।
ইয়াৰ লগতে কাৰাগাৰৰ খালী মাটি ব্যৱহাৰ কৰি বিভিন্ন প্ৰকল্প নিৰ্মাণ, চৰকাৰী কৰ্মচাৰীৰ House Rent Allowance আৰু অক্টোবৰত গুৱাহাটীত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি)সকলৰ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। সন্মিলনত প্ৰশাসনিক কাম-কাজত অধিক স্বচ্ছতা আৰু দ্ৰুততা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জিলা আয়ুক্তসকলক পূৰ্ণ কাৰ্যদক্ষতা আৰু দায়বদ্ধতাৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘নগাঁৱত যোৱা এমাহৰ পৰা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। মানুহে বিজেপিক ভাল পাবলৈ লৈছে। নগাঁৱত এইবাৰ বিজেপি জিকিলে অহাবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি ১২৬টা সমষ্টিতে জয় লাভ কৰিব।’’ মুখ্যমন্ত্ৰীয়ে লগতে অচিৰেই অসমত চৰকাৰীভাৱে ৰিহেব চেন্টাৰ স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে। ব্যক্তিগত ৰিহেব চেন্টাৰসমূহ অতি কঠোৰভাবে নিয়ন্ত্ৰণ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছৰ সম্প্ৰসাৰণ কৰিবৰ বাবে যোৰহাটত থকা অৰুণাচল চৰকাৰৰ মাটি ক্ৰয় কৰিবলৈ চিন্তা-চৰ্চা কৰা হৈছে বুলিও সদৰী কৰে।
